TV9 ASSAM
বহু গুণাগুণৰ বাবে মূলা দেহৰ বাবে উপকাৰী যদিও কিছুমান লোকৰ বাবে মূলা ক্ষতিকাৰকো হ’ব পাৰে।
ফাইবাৰ সমৃদ্ধ মূলাই হজম শক্তি উন্নত কৰাত সহায় কৰে যদিও গেছ, এচিডিটি আদি পেটৰ সমস্যা থকা লোকে মূলা খালে এই সমস্যা বৃদ্ধি পাব পাৰে।
মূলাই তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। সেয়ে ডায়েবেটিছৰ ঔষধ খাই থকা লোকে মূলা খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
মূলা সেৱন কৰিলে ৰক্তচাপ হ্ৰাস পাব পাৰে। যদি আপোনাৰ ৰক্তচাপ স্বাভাৱিকতকৈ কম হয়, তেন্তে মূলা খালে সমস্যা বৃদ্ধি পাব পাৰে।
বৃক্কৰ গুৰুতৰ সমস্যা থকা লোকে মূলা খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। অন্যথা ই তেওঁলোকৰ ক্ষতি কৰিব পাৰে।
মূলা ভালদৰে পৰিষ্কাৰ কৰি নাখালে বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা থাকে। সেয়ে গৰ্ভৱতী মহিলাই মূলা খোৱাৰ সময়ত সাৱধান হ’ব লাগে।
মূলাৰ শীতল প্ৰভাৱ থাকে। সেয়ে চৰ্দি, কাহ বা ডিঙিৰ বিষৰ সমস্যাত ভুগি থকা লোকে মুলা খালে স্বাস্থ্যৰ অৱস্থা অধিক বেয়া হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
বেগত হালধি টুকুৰা ৰাখিলে কি হয়?