৩০ জুন, ২০২৩
Tv9 Assam
টি-২০ বিশ্বকাপৰ জয়ৰ সৈতে শেষ ৰাহুল গান্ধীৰ কাৰ্যকাল। ইণ্ডিয়া টীমৰ প্ৰশিক্ষক হিচাপে ৰাহুলৰ এয়া আছিল শেষৰখন খেল।
টীম ইণ্ডিয়াৰ পৰা বিদায় লোৱাৰ পূৰ্বে ৰাহুলে কৰে শেষৰখন মিটিং। এই বিশেষ মিটিঙখন ৰাহুলে কৰে বাৰবডোছৰ ফিল্ডত। প্ৰতিগৰাকী খেলুৱৈ আছিল ইয়াত।
দৰ্শক যোৱাৰ পাছত ফিল্ডত ৩০ মিনিট সময় ৰাহুলে টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ লগত আলোচনাত মিলিত হৈছিল। অৱশ্যে কি আলোচনা হৈছিল সেয়া জানিব পৰা হোৱা নাই।
ৰাহুল দ্ৰাবিড়ে কয় যে, অনুভৱ ব্যক্ত কৰিবলৈ তেওঁৰ ওচৰত শব্দ নাই। কিন্তু টীম ইণ্ডিয়াক লৈ তেওঁ গৌৰৱান্বিত।
টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে ৰাহুলৰ এয়া দ্বিতীয় কাৰ্যকাল আছিল। এই কাৰ্যকালে তেওঁক দিলে বিশ্বকাপ জয়ৰ সোৱাদ।
১৭ বছৰ পাছত টি-২০ বিশ্বকাপ খিতাপ দখল কৰে ভাৰতে। দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি এই জয় ভাৰতৰ।
পঢ়িবলৈ ক্লিক কৰক
বিশ্বকাপ ফাইনেলৰ ৭ হিৰো