৩০ মে', ২০২৪
দেশত এতিয়া গৰমৰ প্ৰকোপ। উত্তৰ প্ৰদেশৰ অযোধ্যাতো গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে ভক্তৰ বাবে নতুন নিয়ম জাৰি কৰ্তৃপক্ষৰ।
ৰাম মন্দিৰ ভক্তৰ বাবে খোলা দিয়াৰ পাছতেই লাখ লাখ ভক্তই ভিৰ কৰিছে। প্ৰতিদিনে প্ৰায় ১ লাখ ভক্ত আছে ৰাম মন্দিৰলৈ।
অযোধ্যাত প্ৰচণ্ড গৰম। যাৰ বাবে ৰ'দত খোজ কঢ়াৰ ফলত বহু ভক্ত অচেতন হৈ পৰাৰ খবৰ আহিছে।
গ্ৰীষ্ম প্ৰবাহৰ বাবে বহু ভক্ত অসুস্থ হৈ পৰিছে। যাৰ বাবে একাংশক হাস্পাতালত ভৰ্তিও কৰোৱা হৈছে।
একাংশ তীৰ্থ যাত্ৰীয়ে ৰাম মন্দিৰ দৰ্শন কৰাৰ বাবে পুৱা খালী পেটত আহে। যাৰ বাবে গৰমত তেওঁলোকৰ আৰু অধিক স্বাস্থ্যৰ অৱনতি ঘটে।
গৰমৰ বাবে মন্দিৰ কৰ্তৃপক্ষই নিয়ম সলনি কৰি পানীৰ বটল লৈ যোৱাৰ অনুমতি দিয়ে। যাতে খোজ কঢ়াৰ সময়ত পানী খাব পাৰে।
ৰাম মন্দিৰ দৰ্শনৰ বাবে যাত্ৰীয়ে বহু নিয়ম পালন কৰিব লাগে। আনকি লগত মোবাইল ফোনো লৈ যাব নোৱাৰে কোনোয়ে।
পঢ়িবলৈ ক্লিক কৰক