TV9 ASSAM
দেশৰ বিশিষ্ট উদ্যোগপতিৰ ভিতৰত ৰতন টাটা আছিল অন্যতম। দয়ালু স্বভাৱৰ বাবে ৰাইজৰ মাজত যথেষ্ঠ জনপ্ৰিয় আছিল টাটা। ২০২৪ চনৰ ৯ অক্টোবৰত ৰতন টাটাৰ মৃত্যু হৈছিল।
মৃত্যুৰ পূৰ্বে টাটাই সম্পত্তিৰ উইল কৰি থৈ গৈছিল। য'ত বহু লোকৰ নাম অন্তৰ্ভুক্ত আছে। ইয়াকে লৈ এতিয়া চৰ্চা অব্যাহত আছে।
বিশেষ কথা এয়াই যে, ৰতন টাটাই বাহন চালক, মেনেজাৰ, ঘৰুৱা সহায়কৰ পৰা আৰম্ভ কৰি পোহনীয়া কুকুৰটোকো সম্পত্তিত ভাগ দিছে।
বিভিন্ন মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৰতন টাটাৰ উইল অনুসৰি ঘৰুৱা সহায়ক ৰাজন শ্ব'ই লাভ কৰিছে ৫০ লাখ টকা।
ইয়াৰোপৰি ৰতন টাটাই কৰি যোৱা উইল অনুসৰি বাহন চালক ছুবৈয়া কোনাৰে লাভ কৰিছে ৩০ লাখ টকা।
ৰতন টাটাৰ চেক্ৰেটাৰীৰ নামো আছে উইলত। খবৰ অনুসৰি মিছ দিলনাজ গিল্ডৰে লাভ কৰিছে ১০ লাখ টকা।
ৰতন টাটাই কুকুৰত বহু মৰম কৰিছিল। তেওঁ পোহনীয়া কুকুৰটোৰ নামত ১২ লাখ টকা লিখি থৈ গৈছে। কুকুৰটোৰ নামত প্ৰতি ত্ৰিমাসিকত ৩০,০০০ খৰচ হ'ব।
পঢ়িবলৈ ক্লিক কৰক