১০ নৱেম্বৰ, ২০২৪
TV9 ASSAM
স্মৃতি শক্তি বৃদ্ধিৰ বাবে সততে আলমণ্ড খাবলৈ পৰামৰ্শ দিয়া নিশ্চয় শুনিছে। এই পৰামৰ্শ ‘মুখৰ বচন’ বুলি আওকাণ কৰাৰ ভুল নকৰিব।
স্মৃতিশক্তি বৃদ্ধিৰ বাবে আলমণ্ড অত্যন্ত উপকাৰী হিচাপে গণ্য কৰা হয়। পিছে আলমণ্ড খালে মগজু কিয় চোকা হয় জানেনে?
কেলচিয়াম, মেগনেছিয়াম, প্ৰটিন, মেংগানিজ, ফাইবাৰ, পটাছিয়াম, ভিটামিন বি ৬, বি ২ আৰু ভিটামিন ই আলমণ্ডত যথেষ্ট পৰিমাণে পোৱা যায়।
আলমণ্ডত প্ৰচুৰ পৰিমাণে থকা ভিটামিন ই-এ স্মৃতিশক্তি উন্নত কৰাৰ উপৰিও এলঝেইমাৰৰ দৰে গুৰুতৰ সমস্যা প্ৰতিৰোধত সহায় কৰে।
আলমণ্ডত থকা জিংক-প্ৰটিনে মগজুৰ কোষৰ বিকাশত সহায় কৰে, এচিটাইলক’লিনৰ মাত্ৰা বৃদ্ধি কৰে। ই স্মৃতিশক্তিৰ সঠিক কাৰ্যৰ বাবে প্ৰয়োজনীয়।
আলমণ্ডত ম’ন’চেচুৰেটেড ফেট পোৱা যায়। ই ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু ইয়াৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে।
আলমণ্ড ছালৰ বাবে অপৰিহাৰ্য ভিটামিন ইৰ এক উৎকৃষ্ট উৎস। সেয়ে দৈনিক আলমণ্ড খালে ছালখন উজ্জল হৈ পৰে।
আলমণ্ড খালে ওজন হ্ৰাস, পেশী বৃদ্ধি, চুগাৰ নিয়ন্ত্ৰণ, হাড় মজবুত কৰা, চকু সুস্থ কৰা আদি বহুতো উপকাৰ পোৱা যায়।
পঢ়িবলৈ ক্লিক কৰক
এই দেশৰ লোকসকলে নকৰে ইণ্টাৰনেটৰ ব্যৱহাৰ!