০৪ নৱেম্বৰ ২০২৪
TV9 ASSAM
নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাত লজ্জাজনক প্ৰদৰ্শনেৰে ক্লীন ছুইপৰ সন্মুখীন হ’ল ভাৰতীয় ক্ৰিকেট দল।
সামগ্ৰিকভাৱে দল ব্যৰ্থ হ’লেও ব্যক্তিগতভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰি ঋষভ পণ্টে এই শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰে।
এই শৃংখলাৰ তিনিখন মেচৰ ৬ ইনিংছত ঋষভ পণ্টে ৩টা অৰ্ধশতকসহ ৪৩.৫০ গড়ে ২৬১ ৰান সংগ্ৰহ কৰে।
নিউজিলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাত পৰাস্ত হোৱাৰ পিছত হতাশ পণ্টে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এক বিশেষ পোষ্ট যথেষ্ট ভাইৰেল হৈ পৰিছে।
পণ্টে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত জীৱনৰ উত্থান-পতনে ব্যক্তিক সফলতাৰ বাবে প্ৰস্তুত কৰে বুলি ্ধৰি লৈ এনে উত্থান-পতন গ্ৰহণ কৰিব লাগে বুলি কয়।
মুম্বাই টেষ্টৰ দুয়োটা ইনিংছতে অৰ্ধশতক অৰ্জন কৰা পণ্টে প্ৰায় অকলেই ভাৰতক জয়ৰ দিশলৈ লৈ গৈছিল যদিও তেওঁৰ উইকেট পতনে জয়ৰ আশা ভংগ কৰে।
পণ্টৰ উইকেটৰ সময়ত লোৱা ৰিভিউত বলে বেট নে পেডত স্পৰ্শ কৰে, সেয়া স্পষ্ট হোৱা নাছিল যদিও পণ্টক আউট দিয়া হৈছিল। এই লৈ সৃষ্টি হৈছিল বিতৰ্কৰ।
পঢ়িবলৈ ক্লিক কৰক
এই গাঁৱৰ প্ৰতিটো ঘৰতে বাস কৰে কোব্ৰা সাপে