১৫ জুলাই, ২০২৪
TV9 ASSAM
বিশ্বকাপ জয়ৰ পিছতে টি-২০ৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৰোহিত শৰ্মাই। এতিয়া ৰোহিত শৰ্মা এক প্ৰতিষ্ঠানৰ সৈতে নতুন ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছে।
বিশ্ববিখ্যাত প্ৰতিষ্ঠান ৱেভিনে (Wavin) ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছে ৰোহিত শৰ্মাক।
৬০ বছৰৰো অধিক পুৰণি প্ৰতিষ্ঠান ৱেভিন নিজ ক্ষেত্ৰখনত হিটমেন ৰোহিতৰ দৰেই প্ৰদৰ্শন আৰু স্থায়িত্বৰ মানদণ্ডৰ ক্ষেত্ৰত বিশ্বাসযোগ্য হৈ আহিছে।
হিটমেন ৰোহিতৰ দৰেই প্ৰদৰ্শন ৱেভিনৰ
ৱেভিনে পাইপিং আৰু পানী সংৰক্ষণ/ব্যৱস্থাপনাৰ বিস্তৃত সমাধান প্ৰদান কৰে। যোৱা কেইবছৰমানৰ পৰা ভাৰতত ইয়াৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে।
ভাৰতৰ জনসাধাৰণৰ সৈতে সংযোগ বৃদ্ধিৰ লক্ষ্যৰে তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ সৈতে এই সহযোগিতা গঢ়ি তুলিছে।
ৱেভিন-ৰোহিতৰ সহযোগিতা
ৰোহিত শৰ্মাক কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দি প্ৰতিষ্ঠানটো যথেষ্ট সুখী। নিজৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে দেশৰ লাখ লাখ লোকে ৰোহিতক ভাল পায় বুলিও প্ৰতিষ্ঠানটোৱে কয়।
ৰোহিতৰ শক্তিশালী মনোভাৱৰ সৈতে কোম্পানীৰ ব্যৱসায়িক উৎকৃষ্টতাৰ মিল আছে বুলি কয় প্ৰতিষ্ঠানটোৱে।
উন্নত সামগ্ৰী নিৰ্মাণত গুৰুত্ব
পঢ়িবলৈ ক্লিক কৰক
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০তকৈ অধিক মেচ খেলা খেলুৱৈ