গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম ৰোহিত-কোহলীৰ

১৮ অক্টোবৰ, ২০২৪

TV9 ASSAM

বাংগালুৰু টেষ্টৰ তৃতীয় দিনা আজি ৰবীন্দ্ৰ আৰু চাউথীৰ বেটিং প্ৰদৰ্শনৰ সহায়ত নিউজিলেণ্ডে প্ৰথম ইনিংছত ৪০২ ৰান সংগ্ৰহেৰে ৩৫৬ ৰানৰ অগ্ৰগতি লাভ কৰে।

নিউজিলেণ্ডৰ অগ্ৰগতি

দ্বিতীয় ইনিংছত ভাৰতে সঠিক আৰম্ভণিৰে তৃতীয় দিনৰ খেলৰ সামৰণিলৈকে ৩ উইকেটত ২৩১ ৰান সংগ্ৰহ কৰিছে।

ভাৰতৰ স্থিতি

দ্বিতীয় ইনিংছত ভাৰতীয় দলে ঘটাইছে আশানুৰূপ প্ৰত্যাৱৰ্তন। ৰোহিতে ৫২ ৰান আৰু কোহলীয়ে ৭০ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলে।

ৰোহিত-বিৰাট

৭২ ৰানত যশস্বী জয়ছোৱালৰ ৰূপত ভাৰতৰ প্ৰথম উইকেট পতনৰ পিছত ৰোহিত আৰু বিৰাটে দ্বিতীয় উইকেটত ২৩ ৰানৰ যুটি বান্ধে।

দুয়োৰে যুটি

ৰোহিত-বিৰাটে মাত্ৰ ২৩ ৰানৰ এই যুটিৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ তৃতীয় সফল যুটি হিচাপে পৰিগণিত হৈছে।

সফলতা

আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ৭৬২৯ ৰানৰ যুটিৰে দুয়ো ভাৰতীয় যুটিৰ ক্ষেত্ৰত দুয়ো গাংগুলী-দ্ৰাবিড়ক (৭৬২৬ ৰান) অতিক্ৰম কৰে।

গাংগুলী-দ্ৰাবিড়

এইক্ষেত্ৰত ১২৪০০ ৰান সংগ্ৰহেৰে গাংগুলী-শচীন যুটি শীৰ্ষত আৰু ১১০৩৭ ৰান সংগ্ৰহ কৰি শচীন-দ্ৰাবিড় যুটি দ্বিতীয় স্থানত আছে।

ভাৰতীয় অভিলেখ

পঢ়িবলৈ ক্লিক কৰক

গাভাস্কাৰক অতিক্ৰম ৰোহিতৰ