TV9 ASSAM
ৰঙালীৰ উছাহত ৰঙীণ ৰাজ্য। আজি সমূহ অসমীয়াই পালন কৰিছে গৰু বিহু। পৰম্পৰা অনুসৰি ৭ দিন পালন কৰা হয় ৰঙালী বিহু।
ৰঙালী বিহুৰ সৈতে খাদ্যৰো বিশেষ পৰম্পৰা আছে। এই সময়চোৱাত ঢেকীয়া, কল পচলা, সাতশাকী, আদি খোৱাৰ নিয়ম আছে। ইয়াৰোপৰ বিভিন্ন ঠাইত খাদ্য সন্দৰ্ভত বেলেগ বেলেগ নিয়ম আছে।
সাতশাকী এশ এবিধ শাক খোৱাৰ এক পৰম্পৰা। ৭ বিহুৰ কোনোবা এদিন সাতশাকী খাব লাগে বুলি কোৱা হয়। অঞ্চলভেদে ৭ বিধ শাক খোৱাৰো পৰম্পৰা আছে।
সাতশাকীত আছে-অমিতাৰ ফুল, অমৰাৰ ফুল, আমৰ কোঁহ, আনাৰসৰ কোঁহ, আদাৰ পাত, ওলকবিৰ পাত, কঁঠালৰ মুচি, কেঁহেৰাজ, কচুশাক, কোৱাভাতুৰি।
লগতে আছে-কাচিদঁৰিয়া, কাঠআলুৰ আগ, কৰ্দৈৰ পাত, কলমৌ শাক, কলপচলা, কোমোৰাৰ পাত, ভাতকেৰেলাৰ আগ, খুতৰা, গাখীৰতী, গৰুখিচ, চুকাশাক, চজিনাৰ পাত, চালকুঁৱৰী, চিৰতা, জিলমিল, জেতুলীপকা, জালুকৰ পাত, জলকীয়াৰ পাত, জাতিলাউৰ পাত, জিকাৰ পাত, টিকনিবৰুৱা
টেঙামৰা, টেঙেচি,তিতাফুল, তুলসী, দোৰোণবন, সোণবৰীয়াল, দুপৰটেঙা, ধনিয়া, ঢেকীয়া, নৰসিংহ, নেফাফু, নুনি পাত, নিলাজী বন, পিৰালি পালেং, পিঁয়াজপাত, পদিনা, পালেং, পুৰৈশাক, পনৌনৌৱা, পচতীয়া, পিপলি, ব্ৰাহ্মীশাক, বিলাহীৰ পাত,বনজালুক, বেতগাজ, বিহলঙনি, বকফুল, বৰমানিমুনি, বৰ্হমথুৰি, ভেদাইলতা।
ভাঙ, ভৃঙ্গৰাজ, ভেকুৰি, মাটিকাঁদুৰি, সৰু মানিমুনি, মহানিম, মচন্দৰী, মানধনিয়া, মৰলীয়া, মৰিচা, মৰাপাট, মধুৰীআমৰ আগ, মধুসোলেং, ৰঙালাউৰ আগ, লফাশাক, লাইজাবৰী, লাইশাক, শেৱালিৰ পাত, সৰিয়হ শাক, শুকলতি, হাতীখুতৰা, হেলচী আদি। ঠাই ভেদে বেলেগ বেলেগ হ'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক