১০০ৰ পৰা ২০০ কোটি উপাৰ্জন কৰা ছলমান খানৰ ৫খন ফ্লপ চিনেমা

৩১ মে', ২০২৪

যেতিয়াই ছলমান খানৰ ছবি মুক্তি লাভ কৰে তেতিয়া ১০০ কোটি অতি সহজে উপাৰ্জন কৰে। তেওঁৰ চিনেমাৰ বাবে একাংশ অনুৰাগীয়ে বাট চাই থাকে।

ছলমান খানৰ ছবি

১০০-১৫০ কোটি উপাৰ্জন

ছলমান খানৰ এনে ৫ খন ছবি আছে, যি ১০০-১৫০ কোটি উপাৰ্জন কৰাৰ পাছতে ফ্লপ খাইছে।

জয় হো

২০১৪ চনত ছলমান খানৰ জয় হো ছবি গৃহলৈ আহিছিল। এই ছবিখনে ১১৬ কোটি উপাৰ্জন কৰিছিল যদিও দৰ্শকে বিশেষ ভাল পোৱা নাছিল।

টিউবলাইট

এই ছবিখন মুক্তিৰ পাছতেই যথেষ্ঠ ট্ৰ'লৰ সন্মুখীন হৈছিল। দৰ্শকে একেবাৰেই পচন্দ কৰা নাছিল ছবিখন। কিন্তু উপাৰ্জন কৰিছিল ১১৯ কোটি টকা।

ৰেছ-৩

২০১৮ চনত 'ৰেচ' ছবিখনৰ তৃতীয়টো খণ্ডই মুক্তি লাভ কৰিছিল। ইয়াৰ পূৰ্বে ইয়াত ছেইফ আলী খানক দেখা গৈছিল। কিন্তু ৰেছ-৩ দৰ্শকে একেবাৰেই পচন্দ কৰা নাছিল। এইখনে উপাৰ্জন কৰিছে ১৬৬ কোটি টকা।

ভাৰত

এই ছবিখন ২০১৯ চনত মুক্তি লাভ কৰিছিল। এই ছবিখনেও দৰ্শকক বিশেষ আমোদ দিব নোৱাৰিলে। উপাৰ্জনৰ পৰিমাণ আছিল ২১১ কোটি টকা।

কিছি কা ভাই...

১১০.৫৩ কোটি উপাৰ্জন কৰা 'কিছি কা ভাই কিছি কি জান' ছবিখনে যথেষ্ঠ ট্ৰলৰ সন্মুখীন হৈছিল।

 ধ্যানত মগ্ন মোদী

পঢ়িবলৈ ক্লিক কৰক