আহিনৰ পূৰ্ণিমাৰ দিনা কৰক এই কাম...

১৫ অক্টোবৰ,২০২৪

১৬ অক্টোবৰ লক্ষ্মী পূজা। শাৰদ পূৰ্ণিমা  অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত লক্ষ্মীপূজা পালন কৰে।  এই দিনটো অত্যন্ত শুভ বুলি ধৰা হয়।

লক্ষ্মী পূজা

আহিনৰ পূৰ্ণিমাৰ নিশা কিছুমান বিধি কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় আৰু ভক্তক আশীৰ্বাদ দিয়ে। লক্ষ্মী সন্তুষ্ট হ'লে জীৱনত সুখ শান্তি বৃদ্ধি হয়।

সুখ

আহিনৰ পূৰ্ণিমাৰ নিশা ৰূপৰ বাচনত গাখীৰ ৰাখি সেয়া চন্দ্ৰৰ পোহৰত থৈ দিব লাগে। এই গাখীৰ খালে চন্দ্ৰদোষ দূৰ হয় আৰু স্বাস্থ্যবান হয়। চন্দ্ৰমাক পানী অৰ্পন কৰিলে মন শান্ত হয়।

চন্দ্ৰ দোষ

পূৰ্ণিমাৰ নিশা লক্ষ্মীৰ মূৰ্তিৰ সন্মুখত ঘিউৰ চাকি জ্বলালে ঘৰত ধন সমৃদ্ধি হয়। লক্ষ্মী চৰিত পাঠ কৰিলে আৰ্থিক স্থিতি মজবুত হয়।

চাকি

আহিনৰ পূৰ্ণিমাৰ দিনা দৰিদ্ৰসকলক দান কৰিব লাগে। বস্ত্ৰ, অন্ন আদি দান কৰিলে ঘৰ সুখ- শান্তি বৃদ্ধি হয় বুলি কোৱা হয়।

দান

আহিনৰ পূৰ্ণিমাৰ নিশা পায়খ বনাই চন্দ্ৰমাক অৰ্পন কৰিব লাগে আৰু প্ৰসাদ হিচাপে খাব লাগে। এনে কৰিলে ঘৰত সুখ শান্তি, ধন যোগৰ লাভ হয় বুলি কয়।

পায়খ

ওম শ্ৰী হিং শ্ৰী কমলে কমলালয়ে প্ৰসিদ প্ৰসিদ মমহ- এই মন্ত্ৰ জপ কৰিলে লক্ষ্মী সন্তুষ্ট হয় আৰু ভক্তক আশীৰ্বাদ দিয়ে বুলি বিশ্বাস আছে।

মন্ত্ৰ

পঢ়বলৈ ক্লিক কৰক 

কলিযুগ