TV9 ASSAM
প্ৰতি বছৰে ৭ ব’হাগত অসমৰ নাৰী সমাজৰ গৌৰৱ সতী সাধিনীক স্মৰণ কৰি সমগ্ৰ অসমতে সতী সাধিনী দিৱস পালন কৰা হয়।
অসমীয়া বীৰাংগনাসকলৰ ভিতৰত অন্যতম সতী সাধনী। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল।
সতী সাধনী নাৰায়ণৰ জন্ম ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি অনুমান কৰা হয় । সন্তান লাভৰ কাৰণে ঈশ্বৰৰ আগত সাধনা কৰাৰ বাবে পিতৃ তথা ৰজা ধীৰনাৰায়ণে তেওঁক "সাধনী" নাম দিছিল। তেওঁৰ আন এটা নাম আছিল "তেজা"।
সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা নিতাইৰ সৈতে ৰজাই তেওঁৰ কন্যা সাধিনীৰ বিবাহ সম্পন্ন কৰে। পুত্ৰ সৰু হৈ থকাত নাবালক পুত্ৰ সাধকনাৰায়ণৰো দায়িত্ব সাধনীক দি ৰাণীৰ সৈতে ৰজা ধৰ্মধ্বজপালে সন্ন্যাস গ্ৰহণ কৰে।
ৰাজ সিংহাসনত বহি নিতাইয়ে নীতিপাল নাম লয়। নীতিপালৰ শাসনভাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে।
ৰাণী সাধনী আৰু নাৰী সৈন্যই লগত ধনু, কাঁড়, যাঠিলৈ শেষ মুহূৰ্তলৈকে যুদ্ধত আহোমক পৰাস্ত কৰিবলৈ চেষ্টা কৰে। নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়াসকলক বলে নোৱাৰাত আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়।
চলনাৰে আহোমসকলে নীতিপালক হত্যা কৰাৰ পাছত সাধনীক আহোম সেনাপতিয়ে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই ৰাজৰাণীও পতা হ’ব বুলি আস্থা দিয়ে। কিন্তু তেনে সময়তে ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগত চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াইসাধনীয়ে আত্মহত্যা কৰে।
চাবলৈ ক্লিক কৰক