২২ জুলাই, ২০২৪
Tv9 Assam
আমি নিশা সপোনত বহু বস্তু দেখো। কেতিয়াবা দেৱ-দেৱীৰ সপোনো দেখা পাওঁ। কেতিয়াবা দেখা কিছুমান সপোনে আমাক ভৱিষ্যকৰ সংকেত দিয়ে।
শাওণৰ মাহ ভগৱান শিৱৰ বাবে প্ৰিয়। মান্যতা অনুসৰি এই মাহত ভগৱান শিৱৰ লগত জড়িত ত্ৰিশূল, ডমৰু, সাপ আদিৰ সপোন দেখাৰ আছে এক সংকেত।
যদি আপুনি শাওণৰ মাহত সপোনত শিৱলিংগ দেখা পাই তেন্তে ইয়াৰ অৰ্থ আপোনাৰ সকলো সমস্যাৰ অন্ত শেষ হ'ব। লগকে আৰ্থিক উন্নতি হ'ব।
ভগৱান শিৱৰ ডিঙিত থাকে সাপ। সপোনত সাপ দেখ শুভ বুলি কোৱা হয়। সাপ সপোনত দেখিলে শত্ৰু নাশ আৰু ধন লাভৰ যোগ হোৱা বুলি কয়। লগতে কেৰিয়াৰো ভাল হয়।
ভগৱান শিৱৰ মূৰত কাচি জোন থাকে। ইয়াক সপোনত দেখা ভাল। ইযাৰ অৰ্থ জীৱনত কিবা পৰিবৰ্তন হ'ব। কোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে।
শিৱৰ হাতত ডমৰু থাকে। সপোনত ডমৰু দেখাৰ অৰ্থ আপোনাৰ ব্যক্তিগত আৰু বাহ্যিক জীৱনত ইতিবাচক ঘটনা হ'ব। নতুন সুযোগ লাভ কৰিব।
সপোনত ত্ৰিশূল দেখাৰ অৰ্থ শীঘ্ৰেই জীৱনৰ সমস্যা দূৰ হ'ব। বহুদিন ধৰি চেষ্টা কৰা কামত সফল হ'ব আৰু ধন লাভ কৰিব।
সপোনত ৰুদ্ৰাক্ষ দেখা স্বাস্থ্যৰ প্ৰতি সংকেত। আপুনি ৰোগমুক্ত হ'ব পাৰে। ই আৰোগ্য প্ৰদান কৰে বুলি কয়।
পঢ়িবলৈ ক্লিক কৰক