এইবোৰ শাৰীৰিক সমস্যা থাকিলে পকা আম নাখাব

21 May 2024

আম ফলৰ ৰজা। এই ফলটো গৰমৰ দিনত সৰুৰ পৰা বুঢ়ালৈকে সকলোৱে ভাল পায়। কিন্তু আম সকলোৰে বাবে উপকাৰী নহয় ।

 সকলোৰে বাবে উপকাৰী নহয়

মধুমেহ ৰোগত আক্ৰান্ত হ’লে পকা আম খাব নালাগে। পকা আমত অতিৰিক্ত কাৰ্বহাইড্ৰেট থাকে, যাৰ ফলত তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পায়। 

অতিৰিক্ত কাৰ্বহাইড্ৰেট থাকে

পকা আমত কাৰ্বহাইড্ৰেট বেছি থাকে, যিয়ে ওজন বৃদ্ধিত সহায় কৰে। গতিকে যিসকলে ওজন কমাবলৈ চেষ্টা কৰিছে তেওঁলোকে পকা আম খাব নালাগে ।

ওজন বৃদ্ধি কৰে

পকা আমে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে। গতিকে যিসকলে ইউৰিক এচিডৰ সমস্যা বা গাঁঠিৰ বিষত ভুগি আছে তেওঁলোকে পকা আম খাব নালাগে ।

 ইউৰিক এচিডৰ সমস্যা

পকা আম হজম হ’বলৈ সময় লাগে। গতিকে বদহজম বা পেটৰ সমস্যা হ’লে পকা আম পৰিহাৰ কৰা ভাল।

হজম হ’বলৈ সময় লাগে

ছালৰ এলাৰ্জী থাকিলে পকা আম পৰিহাৰ কৰক।  এলাৰ্জী সমস্যা থাকিলে আম খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক ।

ছালৰ এলাৰ্জী 

পকা আম বজাৰৰ পৰা কিনাৰ লগে লগে খাব নালাগে। খোৱাৰ আগতে কমেও ডেৰ ঘণ্টা পানীত তিয়াই থওক।

কিনাৰ লগে লগে নাখাব

পঢ়িবলৈ ক্লিক কৰক

 চজিনাৰ উপকাৰিতা