শালমইনা আঁতৰ কৰাৰ উপায়...

12  Jan 2025

TV9 ASSAM

শীতকালত বহুতৰ মুখত শালমইনা ওলায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে বহু বস্তু ব্যৱহাৰ কৰে। কিন্তু তাৰ পাছতো বহুতৰ শালমইনা নকমে।

শালমইনা

বিভিন্ন সময়ত মানুহে শালমইনাৰ পৰা পৰিত্ৰাণ পাবলৈ বিউটি প্ৰডাক্ট ব্যৱহাৰ কৰে। কিন্তু ইয়াৰ ফলত ছালত কেতিয়াবা অন্য সমস্যাহে হয়।

বিউটি প্ৰডাক্ট

কিন্তু আপুনি ঘৰুৱা উপায়ৰ দ্বাৰাও শীতকালত শালমইনাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। অৱশ্যে আপোনাৰ ছালৰ কোনো অন্য সমস্যা থাকিলে আপুনি বিশেষজ্ঞৰ সহায় ল'ব পাৰে।

 ঘৰুৱা উপায়

এলোভেৰা জেল চুলিৰ লগতে ছালৰ বাবে ভাল। এলোভেৰা জেল আপুনি ছালত ১৫ ৰ পৰা ২০ মিনিট সময় লগাব পাৰে। সপ্তাহত ২-৩দিন এয়া ব্যৱহাৰ কৰিব পাৰে।

এলোভেৰা জেল

মৌত মইশ্বৰাইজাৰ গুণ থাকে। সেয়ে ছালত আপুনি মৌ ব্যৱহাৰ কৰিব পাৰে। আপুনি মুখত মৌ প্ৰায় ২০ মিনিট মান সময় লগাব পাৰে।

মৌ

অমিতাত ভিটামিন এ, ভিটামিন চি আৰু  এন্টিঅক্সিডেন্টৰ গুণ থাকে। সেয়ে ছালক গভীৰৰ পৰা ছাফ কৰিবলৈ ছালত পকা অমিতা লগাব পাৰে।

অমিতা

নেমু ৰসত গোলাপ জল মিহলাই আপুনি মুখত লগাব পাৰে। ইয়াৰ ফলত শালমইনাৰ সমস্যা নোহোৱা হোৱাৰ লগতে ছাল সুন্দৰ হৈ উঠে।

নেমু ৰস

পঢ়িবলৈ ক্লিক কৰক

পাকঘৰত হাতৰ পৰা বস্তু পৰি যায় নেকি