শীতকালক ফেচিয়েল কৰিলে নকৰিব এই ভুল

22 December, 2024 

TV9 ASSAM

ফেচিয়েল কৰিলে মুখৰ উজ্বলতা বৃদ্ধি পায়। ইয়াৰোপৰি ছাল হাইড্ৰেট কৰিবলৈ, দাগ শালমইনা নোহোৱা কৰিবলৈ ফেচিয়েল কৰা দৰকাৰ। ফেচিয়েল ছালৰ বিভিন্ন দিশৰ বাবে উপকাৰী।

ফেচিয়েল

শীতকালত ফেচিয়েল কৰিলে বহু দিশৰ ওপৰত গুৰুত্ব দিব লাগে। যদি আপুনি এইসমূহ দিশৰ ওপৰত গুৰুত্ব নিদিয়ে তেন্তে ছালত বেয়া প্ৰভাৱ পৰিব পাৰে।

নকৰিব এই ভুল

মুখত আপুনি কি ফেচিয়েল লগাব তাক নিৰ্ধাৰণ কৰা গুৰুত্বপূৰ্ণ। যদি ছাল শুকান আৰু ডিহাইড্ৰেট তেন্তে সদায় হাইড্ৰেটিং ফেচিয়েল ব্যৱহাৰ কৰিব লাগে।

ফেচিয়েল

ক্ৰাব কৰাৰ সময়ত সাৱধান। যদি আপুনি বেছি জোৰকৈ ক্ৰাব কৰে তেন্তে ছাল শুকান হৈ পৰে। সেয়ে অতি লাহে লাহে ছালত ক্ৰাব ব্যৱহাৰ কৰিব লাগে।

ক্ৰাব

যদি আপোনাৰ ছাল শুকান তেন্তে শীতকালত পীল অফ মাস্ক ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত ছাল আৰু অধিক শুকান হৈ পৰে।

পীল অফ মাস্ক

ফেচিয়লৰ সময়ত বহুত গৰম পানী ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত ছাল শুকান হৈ পৰে। যাৰ বাবে ছালত সদায় কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে।

গৰম পানী

শীতকালত অইল বেচড আৰু হাইড্ৰেটিং মাস্ক ব্যৱহাৰ কৰিব লাগে। শুকান মাস্ক ব্যৱহাৰ কৰিব নালাগে।ইয়াৰ ফলত ছাল আৰু শুকান হৈ পৰে।

মাস্ক

পঢ়িবলৈ ক্লিক কৰক 

ক'লা আৰু ঘন চুলিৰ উপায়