কমলাৰ বাকলিয়ে আপোনাৰ ছাল কৰিব উজ্বল

6  Nov 2024

 TV9 Assam

সকলোৱে ভাল আৰু উজ্বল ছাল বিচাৰে। যাৰ বাবে বহুতে বেলেগ বেলেগকৈ ছালৰ যতন লয়। ইয়াৰ বাবে ঘৰুৱা উপায়ৰ লগতে দামী দামী প্ৰডাক্ট ব্যৱহাৰ কৰে।

উজ্বল ছাল

ছালৰ বাবে কমলাৰ বাকলিও উপকাৰী।  কমলাৰ বাকলি ছালৰ বাবে ব্যৱহাৰ কৰিলে ই ছালৰ উজ্বলতা বৃদ্ধি কৰে।

কমলাৰ বাকলি

কমলাৰ বাকলি প্ৰথমে শুকাই লৈ পাছত খুন্দি মিহি কৰি ল'ব লাগে। যেতিয়া পাউদাৰৰ দৰে হ'ব তেতিয়া তাত পানী বা দৈ মিলাই মুখত স্ত্ৰাবৰ দৰে ব্যৱহাৰ কৰিব লাগে।

স্ক্ৰাব

কমলাৰ বাকলিৰ পাউদাৰ অলপ হৈ তাত মৌ বা দৈ মিহলি কৰি ভালদৰে মিহি কৰিব লাগে।  তাৰ পাছত এয়া মুখত লগাব পাৰে। অলপ সময় মুখত ৰাখি ইয়াক ধুই দিব লাগে।

এইদৰে লগাব পাৰি

শুকাই যোৱা কমলাৰ বাকলি অলপ সময়ৰ বাবে পানীত তিয়াই থওক। পাছত এই পানীখিনি টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। কিন্তু ২-৩ দিন পুৰণি পানী ব্যৱহাৰ নকৰিব।

টোনৰ

শুকাই যোৱা কমলাৰ পাউদাৰৰ লগত চন্দন মিহলি কৰি লওক। পাছত ইয়াক গোলাপ জল দি পেষ্ট বনাই মুখত লগাব লাগে। ইয়ে ছালৰ উজ্বলতা বঢ়ায়।

চন্দন

যিসকল লোকৰ কমলাৰ পৰা এলাৰ্জি আছে সেইসকলে এয়া ব্য়ৱহাৰ নকৰিব। লগোৱাৰ পূৰ্বে এবাৰ পৰীক্ষা কৰি চাব পাৰে।

মনত ৰাখিব

পঢ়িবলৈ ক্লিক কৰক 

কিয় ওলোটাকৈ বয় কাশীৰ গংগা