TV9 ASSAM
হিন্দু ধৰ্মত তুলসীৰ বিশেষ মহত্ব আছে। ঔষধি গুণেৰে ভৰপুৰ তুলসী ছালৰ বাবেও উপকাৰী। তুলসী খালে দেহৰ পৰা বহু ৰোগ নিৰাময়ো হয়।
প্ৰতিদিনে তুলসীৰ ৩ বা ৪ টা পাত খালে ইমিউনিটি শক্তিশালী হয় আৰু শৰীৰৰ বহু লাভ হয়। কাহ, চৰ্দি আদিতো তুলসী ভাল।
তুলসী খালে ছাল ভাল হয়। ইয়াৰোপৰি তুলসী মুখত লগাবও পাৰে। মুখত তুলসী লগালে ছাল উজ্বল হোৱাৰ লগতে দাগ, শালমইনা আদিৰ সমস্যা নোহোৱা হয়।
তুলসীত ভিটামিন এ আৰু ভিটামিন কে থাকে। ইয়াৰোপৰি ইয়াত আয়ৰন, কেলছিয়ামস মেংগানিজ আৰু বিভিন্ন ধৰণৰ এন্টিঅক্সিডেন্টছ থাকে।
তুলসীৰ পাত খুন্দি লৈ পেষ্ট বনাই মুখত লগাব পাৰে। ইয়াৰোপৰি তুলসী পাত খুন্দি তাত অলপ দৈ মিহলাই মুখত লগাব পাৰে।
ছালৰ উজ্বলতা বঢ়াবলৈ আৰু অন্য় সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ফেচপেক প্ৰায় ২০ মিনিট মুখত লগাই ৰাখিব লাগে। সপ্তাহত ২ দিন আপুনি এই ফেচপেক লগাব পাৰে।
সকলোৰে ছাল বেলেগ বেলেগ। গতিকে তুলসীৰ পেষ্ট মুখত ব্যৱহাৰ কৰাৰ আগত ই আপোনাৰ বাবে উপযোগী হয় নে নহয় এবাৰ পৰীক্ষা কৰিব চাব আৰু তাৰ পাছত লগাব।
পঢ়িবলৈ ক্লিক কৰক