এনে ঘৰুৱা বিধানে গেছৰ সমস্যাৰ পৰা সকাহ দিব আপোনাক

28 November 2024

TV9 ASSAM

পেটত গেছৰ সমস্যা হোৱাটো এক সাধাৰণ কথা। পিছে ইয়াৰ বাবে এজন ব্যক্তি বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।

গেছৰ সমস্যা

ঘৰত সততে থকা কিছুমান সামগ্ৰী গেছৰ সমস্যা উপশমত যথেষ্ট সহায়কখিচাপে বিবেচিত হয়। এই বিষয়ে বিশেষজ্ঞৰ মত জানো আহক।

ঘৰুৱা উপায়

দিল্লীৰ আয়ুৰ্বেদ চিকিৎসক আৰ পি পৰাশৰে জানিবলৈ দিয়ামতে চফ গুটি চোবাই খালে গেছৰ সমস্যা উপশমত সহায়ক হ’ব পাৰে।

চফ

নিমখ মিহলাই আজৱাইন চোবাই খালে গেছৰ সমস্যা নিয়ন্ত্ৰণত সহায়ক হয়। আজৱাইন পানীত উতলাই ক’লা নিমখ দিও খাব পাৰে।

আজৱাইন

তুলসীৰ পাত গেছৰ সমস্যা হ্ৰাস কৰাত সহায়ক হিচাপে বিবেচিত হয়। ইয়াৰ বাবে তুলসীৰ পাত ধুই পানীত উতলাই সেৱন কৰিব লাগে।

তুলসী

মাখনত উপকাৰী বেক্টেৰিয়া আৰু লেক্টিক এচিড পোৱা যায়। ইয়াৰ দ্বাৰা গেছৰ পৰা তাৎক্ষণিক সকাহ পোৱাত সহায়ক হ’ব পাৰে।

মাখন

হজমৰ বাবে গুড় উপকাৰী বুলি জনা যায়। খাদ্য খোৱাৰ পিছত অলপ গুৰ খালে খাদ্য সহজে হজম হয় আৰু লগতে গেছৰ সমস্যাও ৰোধ হয়।

গুড়

 পঢ়িবলৈ ক্লিক কৰক

ৰাতি দৈ খোৱা উচিত নে!