ক’ত আৰু কেতিয়া উৎপত্তি হৈছিল মগু দাইলৰ?

১৮ অক্টোবৰ ২০২৪

TV9 ASSAM

মগু দাইল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। দেহৰ বাবে প্ৰয়োজনীয় পুষ্টিৰে সমৃদ্ধ মগু দাইলৰ উৎপত্তি ক’ত জানেনে?

মগু দাইল

সমগ্ৰ বিশ্বতে মগু দাইল বিভিন্ন খাদ্য সামগ্ৰীত ব্যৱহাৰ কৰা হয়। কোৱা হয় যে মগু দাইলৰ প্ৰচলন হৰপ্পা সভ্যতাৰ পৰাই আৰম্ভ হয়।

হৰপ্পা সংযোগ

ইতিহাসবিদসকলৰ মতে মগু দাইলৰ উৎপত্তিৰ বিষয়ে স্পষ্টকৈ কোৱাটো কঠিন যদিও খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰাই ইয়াৰ প্ৰচলন হৈছিল।

উৎপত্তি

কোৱা হয় যে ইয়াৰ উৎপত্তি ভাৰতীয় উপমহাদেশত হৈছিল আৰু পিছত ক্ৰমাৎ এছিয়া মহাদেশ আৰু সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল।

উৎপত্তি স্থান

বিশেষকৈ ভাৰত, চীন, কোৰিয়া আৰু থাইলেণ্ডত মগু দাইল বহুল প্ৰচলিত। এইসমূহ দেশত মগু দাইলেৰে বহু খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয়।

এইসমূহ দেশত জনপ্ৰিয়

প্ৰায় ৪ হাজাৰ বছৰ পূৰ্বে ভাৰততে বৰ্তমানৰ কৰ্ণাটকত মগু দাইলৰ আৱিষ্কাৰ হোৱা বুলি ইতিহাসবিদসকলে মত পোষণ কৰে।

কৰ্ণাটকত উৎপত্তি

মগু দাইল বিভিন্ন ধৰণৰ মিঠাই, জলপান আৰু খাদ্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। ভাৰতত মগুৰ খিচিৰি আৰু নমকিন যথেষ্ট জনপ্ৰিয়।

মগুৰ ব্যৱহাৰ

পঢ়িবলৈ ক্লিক কৰক

সৰিয়হৰ শাকৰ উপকাৰিতা