২৬ অক্টোবৰ ২০২৪
TV9 ASSAM
অনন্য সৌন্দৰ্যৰে ভৰপূৰ প্ৰকৃতিত পোৱা যায় বহু চৰাই-চিৰিকতি তথা জীৱ-জন্তু। ইয়াৰে বহু প্ৰজাতিৰ বিষয়ে অজানা হৈয়ে ৰৈছো আমি।
আজি আমি আপোনালোকক এনে এটা চৰাইৰ বিষয়ে ক'ম যি ভাৰতৰ পৰা আমেৰিকালৈ অলপো নোৰোৱাকৈ সহজে উৰিব পাৰে।
স্ব’লৌ (swallow) নামৰ এই চৰাইবিধ গতিবেগৰ বাবে বিশেষভাৱে পৰিচিত। এই চৰাইবিধে উৰণৰ সময়ত বতাহত উৰি থকা সৰু সৰু পোকবোৰ খায়।
ই ঘণ্টাত ৬৫ কিলোমিটাৰ পৰ্যন্ত বেগত উৰিব পাৰে আৰু একে সময়ত ১৪০০০ কিলোমিটাৰ দূৰত্বলৈকে উৰিব পৰা ক্ষমতা আছে।
এই চৰাইটোৱে দহ মাহ পৰ্যন্ত বতাহত উৰিব পাৰে। আমোদজনকভাৱে আকাশত উৰি থাকোঁতে ই শুবও পাৰে।
এই চৰাইটোৱে আন চৰাইৰ দৰে তৰু-তৃণৰ সহায়ত বাহ সজাৰ পৰিৱৰ্তে বাহ সাজিবলৈ মাটি ব্যৱহাৰ কৰে।
আন চৰাইৰ দৰে ই মাটিত অৱতৰণ কৰাৰ পিছত পানী নাখায়, বৰঞ্চ উৰি থাকোঁতে ঠোঁটত পানী ভৰাই বতাহত পানী খায়।
পঢ়িবলৈ ক্লিক কৰক