১৮ জুলাই, ২০২৪
Tv9 Assam
সোনাক্ষী সিনহাই ২৩ জুন, ২০২৪ ত জহীৰ ইকবালৰ সৈতে বিবাহ- পাশত আৱদ্ধ হয়। তেওঁলোকৰ বিয়া অতি ব্যক্তিগতভাৱে হয়। বৰ বিশেষ মানুহৰ উপস্থিত নাছিল।
বিয়াৰ প্ৰায় ২৫ দিন পাছত সোনাক্ষী সিনহাই বিয়াক লৈ মন্তব্য কৰে। কি কাৰণে অতি সাধাৰণভাৱে বিয়া পাতে সেই বিষয়ে তেওঁ কয়।
বলিউডৰ অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাতকাৰত এই বিষয়ে কয়। তেওঁ কয় যে, জাহীৰ আৰু সোনাক্ষীয়ে আগৰ পৰাই সিদ্ধান্ত লৈছিল বিয়া সাধাৰণভাৱে অনুষ্ঠিত কৰিব।
বিয়াৰ পাছত সোনাক্ষী সিনহা আৰু জহীৰে মুম্বাইত বিয়াৰ অনুষ্ঠান ৰাখে। অৱশ্যে এই অনুষ্ঠানত বলিউডৰ কেইবাগৰাকী তাৰকা উপস্থিত আছিল।
এই অনুষ্ঠানত ছলমান খান, ৰেখা, অনিল কাপুৰ আদি উপস্থিত আছিল। সোনাক্ষীয়ে কয় যে, তেওঁ এনে এখন বিয়া বিচাৰিছিল য'ত অতি মুকলিকৈ এনজয় কৰিব পাৰে।
সোনাক্ষী আৰু জহীৰৰ মাজত ৭ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। তাৰ পাছত তেওঁলোকে বিবাহ- পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁলোকৰ বিয়াৰ ফটো, ভিডিঅ' ছ'চিয়েল মিডিয়াত যথেষ্ঠ ভাইৰেল হৈ পৰিছে।
বিয়াৰ পাছত সোনাক্ষী সিনহাৰ প্ৰথমখন ছবি মুক্তি হয়। এই ছবিখনৰ নাম ককুড়া। এই ছবিখন ১২ জুলাইত মুক্তি লাভ কৰিছিল।
পঢ়িবলৈ ক্লিক কৰক