ভাত কেৰেলাৰ উপকাৰিতা

23 Oct 2024

TV9 ASSAM

কিছুমান শাক পাচলি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এই শাক-পাচলিয়ে বহু পৰিমানে সহায় কৰে ।

ৰোগ প্ৰতিৰোধ

স্বাস্থ্যৰ বাবে উপকাৰী এইবিধ পাচলি হৈছে ভাত কেৰেলা । ভাত কেৰেলাত বহু স্বাস্থ্য উপকাৰী গুণ আছে ।

ভাত কেৰেলা

ভাত কেৰেলা আমাৰ অসমীয়া সমাজৰ প্ৰায় সংখ্যক লোকে প্ৰিয় খাদ্য হিচাপে গ্ৰহণ কৰে । অসমত ইয়াৰ উৎপাদনও সৰ্বাধিক ।

 প্ৰিয় খাদ্য

ভাত কেৰেলাৰ পাতৰ ৰসে আমাৰ মূৰৰ বিষ নাইকীয়া কৰে বুলি কোৱা হয় । ইয়াৰ পাতৰ ৰস নাকত লগালে মূৰৰ বিষ কমি যায়।

মূৰৰ বিষ

ভাত কেৰেলাৰ গছৰ শিপাৰ ৰস চুলিত লগালে উফি, শুকান হোৱা, চুলি সৰা আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

শিপাৰ ৰস

ভাত কেৰেলাত B12, B1, B2, B3, B5, B6, কেলচিয়াম, জিংক, কপাৰ আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থ থাকে। ইয়াক আঞ্জা হিচাপে খাব পাৰে ।

 খনিজ পদাৰ্থ 

পেটৰ সমস্যা থাকিলে ভাত কেৰেলা বইল কৰি খাব পাৰে । অসমীয়া সমাজৰ প্ৰায় সংখ্যক লোকেই গৰম ভাতৰ লগত ভাত কেৰেলা বইল কৰি খায় ।

পেটৰ সমস্যা

পঢ়িবলৈ ক্লিক কৰক

কঁঠালৰ তৰকাৰিত কি কি ভিটামিন থাকে ?