২১জুন ২০২৪
TV9 Assam
ৰাতিপুৱাৰ আহাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। স্বাস্থ্য বিশেষজ্ঞসকলে ইয়াক কেতিয়াও এৰি নিদিবলৈ পৰামৰ্শ দিয়ে।
কিন্তু কোনবোৰ খাদ্য বা পানীয়ৰে দিনটো আৰম্ভ কৰিব লাগে, যিয়ে গোটেই দিনটো শক্তিশালী অনুভৱ কৰাব পাৰে সেয়া বিশেষজ্ঞৰ পৰা জানক
আজিৰ ব্যস্ত জীৱনশৈলীত মানুহে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিবলৈ নোৱাৰা হৈ যায়। মানুহে তৎক্ষণাত প্ৰস্তুত কৰিব পৰা খাদ্যৰ ওপৰতহে অধিক নিৰ্ভৰশীল হৈ পৰিছে।
চেলিব্ৰিটি নিউট্ৰিচনিষ্ট নমামী আগৰৱালাই কয় যে বেছিভাগ মানুহেই দিনটো আৰম্ভ কৰে একাপ কফি বা চাহ খাই। কিন্তু ইয়াক দিনটোৰ সুস্থ আৰম্ভণি বুলি কোৱা নহ’ব।
ৰাতিপুৱা আলমণ্ড, আখৰোট, পিষ্টা আদি খাব লাগে। প্ৰ’টিন আৰু স্বাস্থ্যকৰ চৰ্বিৰ বাবে ই স্বাস্থ্যৰ বাবে অতি উত্তম।
ৰাতিপুৱা সাৰ পোৱাৰ পিছত আমলখি ৰস খাব। ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়। এইটো সেৱন কৰিলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও আঁতৰি যায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়।
ইয়াৰ ৰস খালে শৰীৰটো হাইড্ৰেড হৈ থাকাৰ লগতে হজম শক্তিও ঠিকেই থাকে।
চাবলৈ ক্লিক কৰক
আজি গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ বিবাহ বাৰ্ষিকী