পেটৰ কৰ্কট ৰোগ হ'লে কি কি লক্ষণে দেখা দিয়ে?

২৭ অক্টোবৰ, ২০২৪ 

TV9 ASSAM

পেটৰ কৰ্কট ৰোগ যাক গেষ্ট্ৰিক কেন্সাৰ বুলিও কোৱা হয়। পেটৰ কোষবোৰ অস্বাভাৱিক ৰূপত বৃদ্ধি পালে পেটৰ কৰ্কট ৰোগ হয়। এই কোষবোৰে টিউমাৰৰ সৃষ্টি কৰে আৰু সময়ৰ সৈতে কৰ্কটলৈ ৰূপান্তৰিত হয়।

পেটৰ কৰ্কট ৰোগ

পেটৰ কৰ্কট ৰোগৰ বহু লক্ষণ শৰীৰত দেখা দিয়ে। এনে লক্ষণসমূহ দেখা দিলেই বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

লক্ষণ

যদি কোনোলোকৰ দীৰ্ঘদিন ধৰি পেটত জ্বলা-পোৰা ভাব বা বদহজম হয় তেন্তে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। এইটো কৰ্কট ৰোগৰ লক্ষণ।

জ্বলা পোৰা ভাৱ

অলপ খোৱাৰ পাছতেই যদি পেট ভৰি যোৱা যেন লাগে তেন্তে ই পেটৰ কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ সহায় ল'ব ।

পেট ভৰা

কোনো কাৰণ নোহোৱাকৈ ওজন হ্ৰাস পোৱা পেটৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। ইয়াৰোপৰি বহু সময় নোখোৱাৰ পাছত ভোখ নলগা কৰ্কটৰ লক্ষণ হ'ব পাৰে।

ভোখ নলগা

পেটৰ ওপৰৰ অংশত বিষ হৈ থকা পেটৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। এই বিষ খাদ্য গ্ৰহণ কৰাৰ পাছত বৃদ্ধি হয়।

পেটৰ বিষ

যদি কোনোলোকৰ খাদ্য খোৱাৰ পাছতেই বমি হয় তেন্তে ই পেটৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। বমিত তেজ অহাৰ সম্ভাৱনাও থাকে। ইয়াৰোপৰি বুকু জ্বলা পোৰা, অসুস্থ অনুভৱ কৰিবও পাৰে।

বমি

পঢ়িবলৈ ক্লিক কৰক 

দেৱালীৰ সময়ত ৰোপণ কৰক এই গছ