TV9 ASSAM
পেটৰ ভিতৰত ঘাঁ হোৱাৰ এক সাধাৰণ লক্ষণ হল নাভিৰ মাজত জ্বলা-পোৰা বা বিন্ধি থকাৰ দৰে অনুভৱ। অলপ বিষ হ'ব পাৰে। এই বিষ খালী পেট বা নিশা অনুভৱ হয়।
পেটত বিষ, জ্বলা পোৰা, ফুলি উঠা, ওজন অনুভৱ আদি পেটৰ ভিতৰত ঘাঁ হোৱাৰ লক্ষণ। গতিকে এনে লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
পেটক ঘাঁ হোৱাৰ বাবে ৰোগীৰ ভোক নালাগে। সদায় পেট ভৰ্তি যেন অনুভৱ হয়। একো নোখোৱাকৈও ৰোগীয়ে ভোক অনুভৱ নকৰে।
বহু ৰোগীৰ বমি বমি অনুভৱ হয় বা কিছুমানৰ বমি হয়। এই সমস্যা গুৰুতৰ হ'লে বহু ৰোগীৰ বমিৰ সময়ত তেল ওলায়। গতিকে সাৱধান হোৱা উচিত।
পেটৰ ভিতৰত ঘাঁ হোৱাৰ ফলত পেটত জ্বলা-পোৰা হয়। প্ৰায় প্ৰতিগৰাকী ৰোগীৰ সকলো সময়তে এই জ্বলা পোৰা অনুভৱ হয়।
পেটৰ ভিতৰত ঘাঁ হোৱাৰ ফলত ওজন দ্ৰুতগতিত হ্ৰাস পায়। হঠাতে ৰোগীৰ ওজন হ্ৰাস পোৱাৰ ফলত সমস্যা গুৰুতৰ হৈ পৰিব পাৰে।
যদি আপোনাৰ বেছিভাগ সময়ত পেটত বিষ, উশাহ লোৱাত কষ্ট, অত্যাধিক ওজন কমা আদি সমস্যাই দেখা দিয়ে তেন্তে আপুনি শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক।
পঢ়িবলৈ ক্লিক কৰক