TV9 ASSAM
আচাৰ্য চানক্যই তেওঁৰ নীতিত ব্যক্তিৰ এনে কিছুমান অভ্যাসৰ কথা উল্লেখ কৰিছে যাৰ দ্বাৰা আপোনাৰ কামত বাধা আহিব পাৰে।গতিকে এইবোৰ দূৰ কৰা আৱশ্যক।
আচাৰ্য চানক্যই কয় যে, যদি আপুনি এই অভ্যাসবোৰ ত্যাগ কৰে তেন্তে জীৱনত সহজে সফলতা লাভ কৰিব।
যদি আপুনি কোনো ডাঙৰ কাম হাতত লৈছে তেন্তে সেয়া সম্পূৰ্ণ নোহোৱালৈক কাৰো আগত ইয়াৰ বিষয়ে শ্বেয়াৰ নকৰিব। ঘনিষ্ঠকো নজনাব আপোনাৰ পৰিকল্পনা।
যদি আপুনি আপোনাৰ পৰিকল্পনা গোপনে ৰাখে তেতিয়া সফলতা লাভ কৰিব। যেতিয়া সময় আহিব আন লোকে নিজে নিজে ইয়াৰ বিষয়ে জানিব।
যদি কোনো পৰিকল্পনা হাতত লৈছে তেন্তে তাক লৈ এলাহ নকৰিব। এলাহে আপোনাৰ কাম আৰু আপোনাৰ মাজত এক দূৰত্ব আনে। যাৰ বাবে এলাহ ত্যাগ কৰক।
এলাহ ত্যাগ কৰি জীৱনত কঠোৰ পৰিশ্ৰম কৰিব লাগে। চানক্যৰ মতে, যদি কোনো কামত আপুনি চেষ্টা কৰিছে, পৰিশ্ৰম কৰিছে তেন্তে নিশ্চয় সফলতা লাভ কৰিব।
যেতিয়ালৈক আপোনাৰ কাম সম্পূৰ্ণ নহয়, তেতিয়ালৈকে কাকো ইয়াৰ বিষয়ে নজনাব। ইয়াৰ ফলত আপোনাৰ কাম হৈ নুঠিব পাৰে আৰু জীৱনত বাধা আহিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক