জামুত আছে  চুগাৰ নিয়ন্ত্ৰণকাৰী উপাদান

৯ অক্টোবৰ ২০২৪

 TV9 ASSAM

শৰীৰত ইনচুলিনৰ ভাৰসাম্যহীনতা আৰু ব্লাড চুগাৰ বৃদ্ধি হোৱাৰ বাবে আমি ডায়েবেটিচৰ ভুক্তভোগী হও। যদি ইয়াক নিয়ন্ত্ৰণ কৰা নহয়, অংগৰ ক্ষতি হোৱাৰ আশংকা থাকে।

ডায়েবেটিচ

থলুৱা ফল জামু  ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ বাবে অতি উপযোগী। ইয়াত বহুতো এণ্টিঅক্সিডেণ্ট থাকে যি ডায়েবেটিচ ৰোগীকে ধৰি সাধাৰণ লোকৰ বাবে এক আশীৰ্বাদ। জামুত কি কি ভিটামিন থাকে জানক।

জামু উপকাৰী

বিশেষজ্ঞসকলৰ মতে, জামুত আটাইতকৈ বেছি ভিটামিন চি থাকে, যি হৈছে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট। ইয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, আঘাট নিৰাময় আৰু আইৰণ শোষণ কৰাত সহায় কৰে।

ভিটামিন চি

জামুত ভিটামিন এ  থাকে, যি আমাৰ চকুৰ বাবে এক অতি গুৰুত্বপূৰ্ণ উপাদান । ইয়ে আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী ৰখাত সহায় কৰে। জামত বিটা-কেৰোটিন থাকে যি ভিটামিন এৰ এক ডাঙৰ উৎস।

ভিটামিন এ

জামুত ভিটামিন বি1, 2 আৰু 3 অৰ্থাৎ বি কমপ্লেক্স থাকে। ইমানবোৰ ভিটামিনৰ সৈতে আমি শক্তি লগতে আন বহুতো লাভালাভ পাও। ইয়াৰ দ্বাৰা বিপাক সংশোধন হয়। ই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ বাবে উপকাৰী।

ভিটামিন বি কমপ্লেক্স

জামুৱে আমাৰ পাচন তন্ত্ৰকো লাভান্বিত কৰে, কিয়নো ইয়াত যথেষ্ট  পৰিমাণে ফাইবাৰ থাকে। ইয়াৰ দ্বাৰা আপুনি কেৱল কোষ্ঠকাঠিন্যৰ পৰা আঁতৰি থকাই নহয়, ৰক্তচাপোনিয়ন্ত্ৰণত ৰাখিব পাৰে।

ফাইবাৰৰ উৎস

 নিয়মীয়াকৈ আৰু সঠিকভাৱে জামু খাই আপুনি ওজন হ্ৰাস কৰিব পাৰে বা ভাৰসাম্য বজাই ৰাখিব পাৰে। সেয়েহে, দৈনিক খালী পেটত তিনিৰ পৰা চাৰিটা জামু খাব। 

ওজন হ্ৰাস

TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া

চাবলৈ ক্লিক কৰক