TV9 ASSAM
আই পি এল ২০২৫ত মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেটাৰ সূৰ্যকুমাৰ যাদৱে নিজৰ পৰিচিত শৈলী অব্যাহত ৰাখি দুৰন্ত ফৰ্মৰ প্ৰমাণ দিছে।
সূৰ্যকুমাৰ যাদৱে লক্ষ্ণৌৰ বিৰুদ্ধে কালিৰ মেচত ২৮ বলত ৫৪ ৰানৰ ইনিংছ খেলে। ৪টা চাৰি আৰু ৪টা ছয়েৰে তেওঁ এই ইনিংছটো সজায়।
এই ইনিংছটোৰ জৰিয়তে সূৰ্যকুমাৰ যাদৱে আই পি এল কেৰিয়াৰত ৪০০০ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ সৈতে তেওঁ এক নতুন অভিলেখো সৃষ্টি কৰে।
বলৰ ক্ষেত্ৰত IPLত ৪০০০ ৰান সংগ্ৰহ কৰা দ্ৰুততম ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হৈছে সূৰ্য। পূৰ্বে এই অভিলেখ আছিল সুৰেশ ৰাইনাৰ নামত।
এই মাইলষ্ট’ন স্পৰ্শ কৰিবলৈ সূৰ্যক ২৭১৪টা বলৰ প্ৰয়োজন হয়। আনহাতে, সুৰেশ ৰাইনাই ২৮৮১টা বলত ৪০০০ IPL ৰান সংগ্ৰহ কৰিছিল।
এই ছিজনত তেওঁ এতিয়ালৈকে ১০খন মেচ খেলি প্ৰতিখনতে ২৫ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে কেৱল ৰবিন উথাপ্পাই IPL ত এই কৃতিত্ব কৰিছিল।
চলিত ছিজনত সূৰ্যকুমাৰ যাদৱে ৪২৭ ৰান সংগ্ৰহ কৰিছে। এইদৰে তেওঁ অ’ৰেঞ্জ কেপৰ দৌৰত কোহলীৰ পিছতে দ্বিতীয় স্থানত আছে।
পঢ়িবলৈ ক্লিক কৰক
ৰে’ল ভ্ৰমণত কোহলীৰ পছন্দৰ সংগী