শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা কেনেকৈ জানিব পাৰি ? 

21 Oct 2024

TV9 ASSAM

দিনক দিনে বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা। হৃদৰোগৰ এটা প্ৰধান কাৰণ হ’ল শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱা।

হৃদৰোগৰ কাৰণ

তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে এটা আঠাযুক্ত পদাৰ্থ ভাঁহি থাকে। ইয়াৰ ফলত ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হয়। 

 ৰক্ত সঞ্চালন

তেজ চলাচলত বাধা আহিলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। বিভিন্ন লক্ষণৰ যোগেদি শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ কথা জানিব পাৰি ।

লক্ষণ

তাৰ ভিতৰত এটা হ’ল আমাৰ চকু।  শৰীৰত কলেষ্টেৰলৰ মাত্ৰা কেৱল চকুৰ লক্ষণৰ দ্বাৰাহে বুজিব পাৰি। 

চকুৰ লক্ষণ

যদি আপুনি সৰু আৰু চকুৰ চাৰিওফালে বগা ৰিং দেখা পায় তেন্তে সেয়া শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।

কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ

চকুৰ চাৰিওফালে কোনো অস্বাভাৱিক গুটি ওলোৱা লক্ষ্য কৰিলে সজাগ হওক। চকুৰ চাৰিওফালে সৰু সৰু বগা বা হালধীয়া গুটি ওলালে বুজিব লাগে যে তেজত কলেষ্টেৰল বাঢ়িছে। 

চকুৰ চাৰিওফালে গুটি

উচ্চ কলেষ্টেৰলৰ ফলত ৰেটিনাৰ সমস্যাও হ’ব পাৰে। দৃষ্টিশক্তি ম্লান হোৱা, চকুৰ সন্মুখত ক’লা বৃত্ত বা ৰেখা দেখা পালে সজাগ হওক। 

ৰেটিনাৰ সমস্যা

পঢ়িবলৈ ক্লিক কৰক

কৰ্কট ৰোগৰ প্ৰথম লক্ষণ