TV9 ASSAM
পৰ্যাপ্ত পৰিমাণৰ পানী খাব নোৱাৰিলে কিডনীত পাথৰ হ’ব পাৰে। তলপেট বা কঁকালত অসহ্যকৰ বিষ এই ৰোগৰ লক্ষণ।
এই ৰোগৰ প্ৰথম আৰু প্ৰধান লক্ষণ হ’ল পেট বা কঁকালৰ বিষ। বিশেষকৈ যদি বিষ পেটৰ তলৰ অংশৰ পৰা পিঠিলৈ গতি কৰে তেন্তে ই বৃক্কত পাথৰ হোৱাৰ লক্ষণ হ’ব পাৰে।
এই ৰোগৰ ফলত বহু লোকৰ সঘনাই জ্বৰ হয়। বাৰে বাৰে জ্বৰ হৈ থাকিলেও সাৱধান হ'ব আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব।
যদি প্ৰস্ৰাৱৰ ৰং ৰঙা হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। বৃক্কৰ অন্যান্য সমস্যাও প্ৰস্ৰাৱ ৰঙা কৰিব পাৰে।
বিশেষকৈ পেটৰ তলৰ অংশৰ পৰা পিঠিলৈকে বিষ ইমানেই হ’ব পাৰে যে বহি বা শুই থকাটোও কঠিন হৈ পৰে।
পিঠি বিষৰ লগতে যদি আপোনাৰ বমি হয়,তেন্তে সাৱধান হওক । ইয়াৰ বাবে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।
শৰীৰৰ প্ৰয়োজন অনুযায়ী পানী খোৱাৰ অভ্যাস কৰক। বৃক্কৰ বাবে ভাল। এজন প্ৰাপ্তবয়স্কই দিনটোত ৩-৪ লিটাৰ পানী খাব লাগে।
পঢ়িবলৈ ক্লিক কৰক