কেনেকৈ গ'ম পাব যকৃতৰ সমস্যা হোৱা বুলি?

৮ জুলাই , ২০২৪

Tv9 Assam

যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। শৰীৰৰ বিভিন্ন কাম-কাজত ই সহায় কৰে। তেল ছাফা কৰে,পাচন তন্ত্ৰ ভাল কৰা আদিতো ই সহায় কৰে।

যকৃত

আজিকালি বেয়া খোৱা খাদ্য আৰু জীৱন শৈলীৰ বাবে যকৃতৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। যাৰ বাবে এনে সমস্যা বৃদ্ধি পাইছে।

যকৃতৰ সমস্যা

যকৃত নষ্ট হোৱাৰ প্ৰথম লক্ষণ প্ৰস্ৰাৱত দেখা দিয়ে। এনে সমস্যাৰ সন্দেহ হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

লক্ষণ

বিশিষ্ট ফিজিশ্যিয়ন ডাঃ অজয় কুমাৰে কয় যে প্ৰস্ৰাৱৰ ৰং সলনি হোৱা যকৃত নষ্ট হোৱাৰ লক্ষণ হ'ব পাৰে। এই সময়ত প্ৰস্ৰাৱৰ ৰং ডাঠ হালধীয়াও হ'ব পাৰে।

প্ৰস্ৰাৱৰ ৰং

যদি যকৃত ঠিক নাথাকে তেন্তে প্ৰস্ৰাৱত প্ৰটিন বাহিৰ হয়। যাৰ বাবে প্ৰস্ৰাৱত ফেন হোৱা দেখা যায়।  

প্ৰস্ৱাৱ

প্ৰস্ৰাৱত যদি অধিক বেয়া গোন্ধ ওলাই তেন্তে যকৃতৰ সমস্যাৰ ই লক্ষণ হ'ব পাৰে। প্ৰস্ৰাৱত বেয়া গোন্ধ ইউটিআই, ডায়বেটিছ আদিৰ বাবেও হ'ব পাৰে।

গোন্ধ

স্থিতি গম্ভীৰ হ'লে  প্ৰস্ৰাৱত তেজ বাহিৰ হয়। এনে হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক।ই কিডনী বেয়া হোৱাৰো লক্ষণ।

তেজ

পঢ়িবলৈ ক্লিক কৰক 

yoga for health