TV9 ASSAM
প্ৰয়োজনতকৈ বেছি নিমখ খালে ৰক্তচাপ বা হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা থাকে । নিমখৰ পৰিমাণ কমাই দিয়াটোও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
ছডিয়ামৰ অভাৱ হ’লে মূৰৰ বিষ, দুৰ্বলতা, ভোক কমি যোৱা,মূৰ ঘূৰণি আদি শাৰীৰিক সমস্যা হ'ব পাৰে ।
শৰীৰত ছডিয়ামৰ অভাৱৰ বাবে এজন ব্যক্তিৰ মূৰৰ বিষ হ’ব পাৰে। যেতিয়া শৰীৰত ছডিয়াম কমিবলৈ আৰম্ভ কৰে তেতিয়া শৰীৰত অত্যাধিক পানীৰ প্ৰয়োজন হয়। ইয়াৰ ফলত সঘনাই মূৰৰ বিষ হয়।
শৰীৰত ছডিয়ামৰ অভাৱৰ বাবে স্নায়ুৰ কাৰ্য্যক্ষমতা আৰু পেশীবোৰে সঠিকভাৱে কাম কৰিবলৈ সক্ষম নহয়। এনে অৱস্থাত আপুনি ভাগৰুৱা অনুভৱ কৰি থাকিব।
ছডিয়ামৰ অভাৱৰ বাবে ভোক কমি যোৱাৰ সমস্যা সৃষ্টি হ’ব পাৰে । বিশেষজ্ঞসকলে কয় যে, শৰীৰত ছডিয়াম কম হোৱাৰ বাবে ভোক কমি যায়।
যেতিয়া আপুনি প্ৰয়োজনীয় নিমখ নাখায়, তেতিয়া নিম্ন ৰক্তচাপৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। এনে পৰিস্থিতিত এজন লোকৰ সঘনাই মূৰ ঘূৰণি সমস্যা হ’বলৈ আৰম্ভ কৰে।
বিশ্বৰ স্বাস্থ্য সংস্থাৰ মতে সাধাৰণতে এজন প্ৰাপ্তবয়স্কই দৈনিক ৫ গ্ৰাম পৰ্যন্ত নিমখ খাব লাগে। ইয়াতকৈ অধিক ছডিয়ামে ক্ষতি কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক