TV9 ASSAM
প্ৰখ্যাত তবলাবাদক জাকিৰ হুছেইনৰ আজি ৭৩ বছৰ বয়সত মৃত্যু হয়। আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে।
জাকিৰ হুছেইনৰ মৃত্যুৱে সমগ্ৰ দেশক শোকস্তব্ধ কৰি তুলিছে। জীৱনৰ প্ৰথমখন কনচাৰ্ট তেওঁ ভাৰততে পৰিবেশন কৰিছিল।
১১ বছৰ বয়সত যেতিয়া জাকিৰ হুছেইনে জীৱনৰ প্ৰথমখন কনচাৰ্ট কৰিছিল, তেতিয়া মাত্ৰ ৫টকা লাভ কৰিছিল।
জাকিৰ হুছেইনৰ কনচাৰ্ট সম্পৰ্কীয় তথ্য তেওঁৰ অফিচিয়েল পেজত উপলব্ধ আছিল। ইয়াত টিকট বুকিং কৰাৰ সুবিধাও আছিল।
জাকিৰ হুছেইনৰ অন্তিমখন কনচাৰ্ট ২৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল। এই কনচাৰ্ট পেৰিছত অনুষ্ঠিত হৈছিল।
জানিব পৰা মতে জাকিৰ হুছেইনে পূৰ্বে এটা কনচাৰ্টৰ বাবে ৫ৰ পৰা ১০ লাখ টকা লাভ কৰিছিল। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৮৫ কোটি টকা।
পঢ়িবলৈ ক্লিক কৰক
শীতকালত কিয় খাব লাগে কমলা? চাওক ইয়াৰ উপকাৰী গুণ