TV9 ASSAM
লং স্বাস্থ্যৰ বাবে বহু উপকাৰী।কেৱল স্বাস্থ্যই নহয়, জ্যোতিষ শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰ অনুসৰি বেগত লং ৰাখিলে বহু সুফল পোৱা যায়।
জ্যোতিষ শাস্ত্ৰ অনুসৰি বেগত ২ টা লং ৰাখিলে মা লক্ষ্মীৰ কৃপা লাভ কৰা যায়। ইয়াৰ ফলত ধনৰ লগত জড়িত সমস্যা নোহোৱা হয় আৰু আৰ্থিক স্থিতি ভাল হয়।
বাস্তু শাস্ত্ৰ অনুসৰি নকৰাত্মক শক্তি দূৰ কৰাত লং উপকাৰী। বেগত লং ৰাখিলে নকৰাত্মক শক্তিৰ প্ৰভাৱ কমে আৰু সকৰাত্মক শক্তি বৃদ্ধি হয়।
লং শুভ আৰু সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। গতিকে বেগত দুটা লং ৰাখিলে সফলতা লাভ কৰাৰ লগতে জীৱনত থকা বহু সমস্যা নাশ হয়।
জ্য়োতিষ শাস্ত্ৰ অনুসৰি গ্ৰহ দোষ দূৰ কৰাত লঙে সহায় কৰে। বেগত ২টা লং ৰাখিলে শনি আৰু ৰাহু দোষৰ পৰা মুক্তি পোৱা যায়।
কোৱা হয়, বেগত লং ৰাখিলে চাকৰি আৰু ব্যৱসায়ত প্ৰগতি হয়। ২টা লং বেগত ৰাখিলে কাৰ্যক্ষেত্ৰত সফলতা লাভ কৰে।
বাস্তু শাস্ত্ৰ অনুসৰি বেগত লং ৰাখিলে ঘৰ আৰু ব্যক্তিৰ আৰ্থিক আৰু মানসিকস্থিতি উন্নত হয়। ই জীৱনত সুখ- সমৃদ্ধি কঢ়িয়াই লৈ আনে।
লং সৰু পৰিষ্কাৰ কাপোৰ এখনত বান্ধি বেগত ৰাখিব লাগে। প্ৰতিমাহে নতুন লং ৰাখিব লাগে। শুকুৰবাৰ বা যিকোনো শুভ সময়ত বেগত লং ৰাখিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক