১৮ অক্টোবৰ ২০২৪
TV9 ASSAM
বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ পেচ আক্ৰমণৰ অন্যতম অংশ হৈছে মহম্মদ চিৰাজ। ভাৰতীয় দলৰ গুৰুত্বপূৰ্ণ সদস্য হৈ পৰা চিৰাজ হায়দৰাবাদৰ বাসিন্দা।
শেহতীয়াকৈ তেলেংগানা চৰকাৰে তেওঁক ক্ৰীড়া কোটাৰ অধীনত তেলেংগানা আৰক্ষীৰ ডি এছ পি পদত নিযুক্তি দিছে।
এতিয়া তেলেংগানা আৰক্ষীৰ ডি এছ পি হৈ পৰিছে মহম্মদ চিৰাজ। সেই সূত্ৰে তেওঁ কিমান দৰমহা পাব জানো আহক।
তেলেংগানা আৰক্ষীত ডি এছ পিৰ দৰমহাৰ স্কেল সাধাৰণতে ৫৮০০০ টকাৰ পৰা ১৩৭০৫০ টকালৈকে। লগতে লাভ কৰে বহু ভাট্টাও।
ইতিপূৰ্বে তেলেংগানা চৰকাৰে চিৰাজক চৰকাৰী চাকৰি আৰু আৱাসিক প্লট দিয়াৰ কথা ঘোষণা কৰিছিল।
এগৰাকী অটো চালকৰ পুত্ৰ মহম্মদ চিৰাজে ছাফা জুনিয়ৰ কলেজৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষা সম্পূৰ্ণ কৰিছে।
পঢ়িবলৈ ক্লিক কৰক