TV9 ASSAM
টাটা মটৰ্ছৰ বাহনৰ প্ৰতি গ্ৰাহকৰ যথেষ্ট আদৰ দেখিবলৈ পোৱা যায়। পিছে কোম্পানীটোৰ আটাইতকৈ কম মূল্যৰ বাহনখন কি জানেনে?
টাটা মটৰ্ছৰ আটাইতকৈ কম মূল্যৰ বাহনখন নাম টাটা টিয়াগো। চাওঁ আহন এই বাহনখনৰ মূল্য আৰু সুবিধা।
টাটা টিয়াগোৰ এক্স-শ্ব’ৰুম মূল্য ৪,৯৯,৯০০ টকাৰ পৰা ৮,৭৪,৯০০ টকালৈকে, অন-ৰোডৰ মূল্য ৰাজ্যভেদে বেলেগ বেলেগ হ’ব পাৰে।
টাটা মটৰ্ছৰ আটাইতকৈ কম মূল্যৰ বাহন এই টাটা টিয়াগোৰ মুঠ ২৯টা ভেৰিয়েন্ট বজাৰত উপলব্ধ।
এই বাহনখনৰ মেনুৱেল ভেৰিয়েণ্টৰ মাইলেজ ২০kmpl, চিএনজি ভেৰিয়েণ্টৰ মাইলেজ ২৬km/kg আৰু অট’মেটিক ভেৰিয়েণ্টৰ মাইলেজ ১৯.৪৩kmpl।
টাটাৰ এই বাহনখনে গ্ল’বেল এনচিএপি ক্ৰেচ টেষ্টত প্ৰাপ্তবয়স্কৰ সুৰক্ষাৰ ক্ষেত্ৰত ৪ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰিছে।
২৪২ লিটাৰ বুট স্পেচৰ এই বাহনখনত আছে ৭ ইঞ্চি টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট, অটোমেটিক ক্লাইমেট কণ্ট্ৰ’ল আৰু ৮ স্পীকাৰৰ চাউণ্ড চিষ্টেম।
পঢ়িবলৈ ক্লিক কৰক
বৃহস্পতিবাৰে হালধীৰে কৰক এনে বিধান, অধিক হ’ব উপাৰ্জন