TV9 ASSAM
Photos Credit: Getty Images
ভিটামিন আৰু খনিজ পদাৰ্থ আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি শৰীৰত এইবোৰৰ অভাৱ হয়, তেন্তে বহু ৰোগে আপোনাক আগুৰি ধৰিব পাৰে।
শৰীৰৰ কাম-কাজৰ বাবে ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন। সাধাৰণতে এই উপাদান আমি খাদ্য আৰু পানীৰ পৰা পাওঁ। ইয়াৰ অভাৱে শৰীৰত কি প্ৰভাৱ পেলায় জানক।
খনিজ পদাৰ্থৰ ভিতৰত আইৰণ, কপাৰ, আয়’ডিন, জিংক, মেগনেছিয়াম আৰু পটাছিয়াম আদি উল্লেখযোগ্য। ভিটামিনৰ ভিতৰত ভিটামিন এ, বি, চি, ডি, ই আৰু কে আদি ভিটামিন ।
শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন আৰু খনিজ পদাৰ্থ বজাই ৰাখিবলৈ খাদ্যত ফলমূল, বাদাম,শাক-পাচলি, মাংস আৰু কণী অন্তৰ্ভুক্ত কৰিব লাগে।
শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱৰ ফলত ক্লান্তি, দুৰ্বলতা, খিংখিঙীয়া, চুলি সৰা, শুকান ছাল আৰু পেশীৰ ক্ৰেম্প আদি হ’ব পাৰে।
তীব্ৰ আৰু দীৰ্ঘদিনীয়া অভাৱৰ ফলত ৰক্তহীনতা বা অষ্টিঅ’পৰ’ছিছও হ’ব পাৰে। ইয়াৰ উপৰিও হতাশা আৰু স্নায়ুতন্ত্ৰৰ সমস্যাও হ’ব পাৰে।
ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ ধৰা পেলাবলৈ তেজ, ছাল আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰক। ৪০ বছৰ বয়সৰ পিছত নিয়মীয়া পৰীক্ষাত ভিটামিন আৰু খনিজ পৰীক্ষাও অন্তৰ্ভুক্ত কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক