এইসকল ভাৰতীয় ক্ৰিকেটাৰে ত্যাগ কৰিছে মাছ-মাংস

২৮ জুলাই, ২০২৪

TV9 ASSAM

ভাৰতীয় ক্ৰিকেটাৰসকল নিজৰ ফিটনেছৰ প্ৰতি যথেষ্ট সচেতন। খাদ্যাভ্যাস সম্পূৰ্ণৰূপে মানি চলা এইসকল তাৰকাই ইতিমধ্যে ত্যাগ কৰিছে মাংস।

ফিটনেছত গুৰুত্ব

ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ পূৰ্বে আমিষ খাদ্যৰ প্ৰতি থকা মোহ সকলোৰে প্ৰিয়। কিন্তু ২০১৮ চনত বিৰাটে মাংস খোৱা বন্ধ কৰে।

বিৰাট কোহলী

তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ইতিমধ্যে ত্যাগ কৰিছে আমিষ খাদ্য। নিজকে ফিট কৰি ৰাখিবলৈ সম্পূৰ্ণ নিৰামিষ খাদ্য গ্ৰহণ কৰে পাণ্ডিয়াই।

হাৰ্দিক পাণ্ডিয়া

যুজবেন্দ্ৰ চাহালেও ২০২০ চনত সম্পূৰ্ণ নিৰামিষভোজী হোৱাৰ সিদ্ধান্ত লয়। ফিটনেছৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ এই পদক্ষেপ লয়।

যুজবেন্দ্ৰ চাহাল

আমিষ খাদ্য ত্যাগ কৰা খেলুৱৈসকলৰ ভিতৰত ৰবিচন্দ্ৰন অশ্বিনো অন্যতম। তাৰকা স্পিনাৰগৰাকীয়ে কেৱল নিৰামিষ খাদ্যহে গ্ৰহণ কৰে।

ৰবিচন্দ্ৰন অশ্বিন

এটা সময়ত মাংসৰ প্ৰতি যথেষ্ট মোহ আছিল ঈশান্ত শৰ্মাৰ। কিন্তু এই মোহ ত্যাগ কৰি তেওঁ এতিয়া সম্পূৰ্ণ নিৰামিষভোজী হৈ পৰিছে।

ঈশান্ত শৰ্মা

শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা শিখৰ ধাৱনেও পূৰ্বে আমিষ খাদ্য খাইছিল যদিও ২০১৮ চনত তেওঁ মাংস খোৱা বন্ধ কৰে।

শিখৰ ধাৱান

পঢ়িবলৈ ক্লিক কৰক

পিএম কিষাণ যোজনাৰ কিস্তি মুকলি