২ জুলাই, ২০২৪
Tv9 Assam
আজিকালি মহিলাসকলৰ মাজত বৃদ্ধি পাইছে থাইৰয়ডৰ সমস্যা। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিগত ১০ বছৰত বিশ্বত থাইৰয়ড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।
খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ থাইৰয়ড হয়। শৰীৰত থকা থাইৰয়ড গ্ৰন্থিৰ কাৰ্য্যক্ষমতা হ্ৰাস পোৱাৰ বাবে থাইৰয়ড ৰোগৰ সৃষ্টি হৈছে।
এলোভেৰা থাইৰয়ডত ভাল। এলোভেৰা খালে থাইৰয়ড নিয়ন্ত্ৰণত থাকে।ই শৰীৰৰ থাইৰয়ড ৰোগ নিয়ন্ত্ৰণত সহায় কৰে।
থাইৰয়ড ৰোগ নিয়ন্ত্ৰণত ধনীয়া আৰু জিৰা অতি উপকাৰী। ধনিয়া আৰু জিৰা ৰাতি তিয়াই থৈ পুৱা খালী পেটত খাব লাগে।
প্ৰতিদিনে পুৱা খোজ কঢ়া আৰম্ভ কৰক। সদায় ১৫-২০ মিনিট খোজ কাঢ়িলে থাইৰয়ড নিয়ন্ত্ৰণত সহায় হয়।
এই আসন থাইৰয়ডৰ বাবে ভাল। পুৱা আৰু সন্ধিয়া এই আসন কৰা আৰম্ভ কৰিলেও থাইৰয়ডৰ পৰা পৰিত্ৰাণ পোলাত সহায় হ'ব।
যদি আপোনাৰ থাইৰয়ড হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাও আৱশ্যক। চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপুনি ঔষধ গ্ৰহণ কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক