খাদ্যত তেলৰ পৰিমাণ হ্ৰাস কৰাৰ উপায়

16 Oct 2024

TV9 ASSAM

যিমানেই তেল-মচলা দিয়া খাদ্য খাব সিমানেই কলেষ্টেৰল-ডায়েবেটিছৰ সমস্যাৰ সম্ভাৱনা বাঢ়িব। ভজা খাদ্যৰ পৰা যিমান পাৰি আঁতৰি থকা ভাল।

ৰোগৰ সম্ভাৱনা

একেবাৰে তেল নিদিয়াকৈ খাদ্য ৰন্ধা সম্ভৱ নহয় । অৱশ্যে ৰন্ধা-বঢ়াত তেলৰ পৰিমাণ কমাব পাৰি। ৫ চামুচৰ সলনি ১ চামুচ ব্যৱহাৰ কৰিব পাৰে।

তেলৰ পৰিমাণ কমাব

খাদ্যত তেল কমাবলৈ ননষ্টিক কেৰাহী ব্যৱহাৰ কৰিব পাৰে । ননষ্টিক কেৰাহীত অলপ তেল দি ঢাকি দিলে সোনকালে খাদ্য সিজে।

ননষ্টিক কেৰাহী

তেলৰ টেমাৰ পৰা পোনে পোনে তেল কেৰাহীত ঢালি নিদিব। চামুচ বা জোখৰ কাপ ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা অপ্ৰয়োজনীয় তেল ব্যৱহাৰ হ্ৰাস পাব ।

অপ্ৰয়োজনীয় তেল ব্যৱহাৰ হ্ৰাস

ভজা খাদ্য যিমান কম খাব সিমানেই শৰীৰত তেল কমকৈ প্ৰৱেশ কৰিব। নামমাত্ৰ পৰিমাণৰ তেল আৰু মচলা দি মাছ-মাংস ৰান্ধিবলৈ অভ্যাস কৰক ।

নামমাত্ৰ তেল ব্যৱহাৰ

ভাপতো খাদ্য ৰান্ধিব পাৰে । মাছ, মাংস, কণী কম তেল আৰু মছলা দি ভাপত দিব পাৰে । এই খাদ্যৰ পৰা সুকীয়া সোৱাদ লাভ কৰিব ।

ভাপত দিব পাৰে

পাৰিলে প্ৰথমতেই মাছ,মাংসত তেল-মচলা সানি লওক । ইয়াৰ পাছতে কেৰাহীটো গৰম কৰি তেল-মচলা সানি থোৱা মাছ, মাংসখিনি দি দিয়ক ।

আগতীয়াকৈ তেল-মচলা সানি লওক

পঢ়িবলৈ ক্লিক কৰক

লক্ষ্মীক পূজা কৰাৰ সময়ত নকৰিব এই কাম