TV9 ASSAM
আজি সমগ্ৰ ৰাজ্যই পালন কৰিব হেঁপাহৰ উৰুকা। আজি জুইৰ উত্তাপ লৈ সকলোৱে মিলি লগে ভাগে এসাঁজ খাব। ইয়াৰ বাবে প্ৰতি অসমীয়াই চলাইছে প্ৰস্তুতি।
উৰুকাক লৈ বহু ঠাইত বহু পৰম্পৰা প্ৰচলিত হৈ আহিছে। উৰুকাৰ নিশা ডেকাসকলে ভেৰাঘৰত জুইৰ কাষত বহি ভোজভাত খাই আনন্দ কৰে।
উৰুকাৰ নিশা চুৰি কৰাৰো এক পৰম্পৰা আছে। ডেকাসকলে বিভিন্নজনৰ ঘৰৰ পৰা জেওৰা-জাপনা, ঢেকি আদি চুৰ কৰি নিয়ে। পাছত জুই পুৱায়।
কিছুমানে আকৌ বাৰীৰ বন্ধাকবি, শাক-পাচলি আদি চুৰি কৰি নিয়ে। পাছত সকলোৱে মিলি ভোজভাত খাই আনন্দ কৰে। ঠাই ভেদে পৰম্পৰা বেলেগে বেলেগ।
অৱশ্যে এই চুৰিক লৈ গৃহস্থই খং নকৰে। কিয়নো এয়া যেন চুৰি নহয়, এয়া এক আনন্দ। সাতামপুৰুষীয়া অসমীয়াৰ এক প্ৰচলিত পৰম্পৰা।
উৰুকা মানে ভোগ, উৰুকা মানে আবেগ। সেয়ে উৰুকাক লৈ প্ৰতি অসমীয়া আনন্দিত । এই দিনটোত সকলোৱে মাছে-মঙহে উদৰ পুৰাই এসাঁজ খায়।
উৰুকাৰ নিশা ডেকাহঁতে ভেলাঘৰত কটায় আৰু পৰৱৰ্তী পুৱতি নিশা মেজি জ্বলায়। গাঁৱবাসীয়ে মেজিৰ অগ্নিক সেৱা কৰি আশীৰ্বাদ বিচাৰে। মান্যতা অনুসৰি মেজিৰ জুইত জাহ যায় সকলো অপায় অমংগল।
পঢ়বলৈ ক্লিক কৰক