ৰাতিপুৱা সেৱন কৰক এই ৫ বিধ ডিটক্স পানীয়

19 April 2025

TV9 ASSAM

Photos Credit: Getty Images

গ্ৰীষ্ম কালত শৰীৰক পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন হয় । গতিকে এই দিন কেইটাত পানী খোৱাটো অতি প্ৰয়োজন ।

পৰ্যাপ্ত পানীৰ প্ৰয়োজন 

এই প্ৰতিবেদনত ৰাতিপুৱা সেৱন কৰিব পৰা পাঁচ বিধ ডিটক্স পানীয় বিষয়ে উল্লেখ কৰা হৈছে । যিয়ে বিভিন্ন ধৰণে আপোনাৰ শৰীৰৰ উপকাৰ সাধন কৰিব ।

পাঁচ বিধ ডিটক্স পানীয় 

গৰম দিনত ৰাতিপুৱা আপুনি নেমুৰ পানী খাব পাৰে । নেমুৰ ৰস পানীত চেপিলে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট পোৱা যায় । যিয়ে শৰীৰক বিষমুক্ত কৰাত সহায় কৰিব পাৰে।

নেমুৰ পানী

পুৱা আপুনি তিয়ঁহ আৰু পদিনা পানী সেৱন কৰিব পাৰে । তিয়ঁহ হাইড্ৰেটিং আৰু পদিনা হজমত সহায় কৰে।

তিয়ঁহ আৰু পদিনা পানী

আপেল চাইডাৰ ভিনেগাৰ পানী সেৱান কৰিব পাৰে । ই তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে । পাচনত সহায় কৰিব পাৰে আৰু আন্ত্ৰিক মাইক্ৰ’বায়’মক সুস্থ কৰি তুলিব পাৰে।

আপেল চাইডাৰ ভিনেগাৰ পানী

হালধিৰ পানী সেৱন কৰিব পাৰে । হালধিত প্ৰদাহ নিবাৰণকাৰী গুণ আছে আৰু ইয়াক যকৃতৰ স্বাস্থ্যৰ উপকাৰী বুলি কোৱা হয়।

হালধিৰ পানী

চিয়া বীজৰ পানী খাব পাৰে । চিয়া বীজত প্ৰচুৰ পৰিমাণে আঁহ থাকে, ই হজম শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ আৱৰ্জনা নিৰ্মূল কৰাত সহায় কৰে।

চিয়া বীজৰ পানী 

পঢ়িবলৈ ক্লিক কৰক

ঘৰৰ এই স্থানত নাৰাখিব ধন