তুলসী পাত আৰু জালুক একেলগে খোৱাৰ উপকাৰিতা

9 Nov 2024

TV9 ASSAM

তুলসী ঔষধি গুণৰ বাবে অতি বিখ্যাত। ইয়াত এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী গুণ, এন্টিবেক্টেৰিয়েল গুণ, এন্টিভাইৰেল গুণ আৰু বহু ধৰণৰ উপাদান পোৱা যায়। 

 ঔষধি গুণ

তুলসী আৰু জালুক একেলগে খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰাৰ লগতে চৰ্দি, ডিঙিৰ বিষ আৰু ঋতুভিত্তিক স্বাস্থ্য সমস্যাত ভুগি থকা লোকৰ বাবে উপকাৰী ।  

ৰোগ প্ৰতিৰোধ 

তুলসী আৰু জালুক পেটৰ বাবে উপকাৰী। পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে আৰু সংক্ৰমণৰ সম্ভাৱনা কম কৰে।

 পেটৰ বাবে উপকাৰী

তুলসী পাত আৰু জালুকে শৰীৰক বিষমুক্ত কৰাত সহায় কৰাৰ লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰাময়ত সহায়ক হ’ব পাৰে।

শ্বাস-প্ৰশ্বাসজনিত ৰোগ

পৰিষ্কাৰ তুলসীৰ পাত আৰু জালুক লৈ পানীত ৫ মিনিট উতলাই লওক। এতিয়া ফিল্টাৰ কৰি সেই পানী খাওক। ইয়াত মৌও মিহলাই সোৱাদ বঢ়াব পাৰি।

কেনেকৈ খাব ?

জালুক আৰু তুলসীৰ পাতৰ পৰা তৈয়াৰী চাহও সেৱন কৰিব পাৰি। পানী উতলাই তাত তুলসীৰ পাত,জালুকৰ গুড়ি আৰু কুটি লোৱা আদা দি ৫ৰ পৰা ৭ মিনিট উতলিব লাগে। 

 চাহ

তুলসীৰ পাতৰ ৰস আৰু জালুকৰ গুড়ি একেলগে মিহলাই ল’ব লাগে। ইয়াৰ পিছত ইয়াত গুৰ বা মৌ মিহলাই সেৱন কৰিব পাৰে। ইয়াৰ দ্বাৰা শৰীৰৰ বিষমুক্ত হোৱাতো সহায়ক হ’ব পাৰে।

তুলসীৰ ৰস আৰু জালুকৰ গুড়ি

পঢ়িবলৈ ক্লিক কৰক

গৰ্ভাৱস্থাত কলখাৰ খোৱা উচিত নে ?