TV9 ASSAM
ছ’চিয়েল মিডিয়াৰ চেন্সেশন উৰ্ফি জাভেদক এতিয়াও কাপোৰৰ বাবে ট্ৰ’ল কৰা হয়। অৱশ্যে আৰম্ভণিতে মানুহে তেওঁৰ ষ্টাইলৰ যিমান বিৰোধী আছিল, এতিয়া তেওঁ বহুত মৰম পাবলৈ আৰম্ভ কৰিছে।
পূৰ্বে অদ্ভুত কাপোৰ পিন্ধি ফটোশ্বুট কৰা উৰ্ফি জাভেদে এতিয়া ডাঙৰ ডাঙৰ প্ৰজেক্টত কাম কৰি আছে। বহুতো শীৰ্ষ ডিজাইনাৰ কাপোৰ পিন্ধে উৰ্ফিয়ে।
শেহতীয়াকৈ জিঅ’ হটষ্টাৰত এটা শ্ব’ কৰিছিল উৰ্ফি জাভেদে। Engaged Roka Ya Dhokaত উৰ্ফিক হৰ্ষ গুজৰালৰ সৈতে দেখা গৈছে। শেহতীয়াকৈ তেওঁলোকৰ এংগেজমেণ্ট হোৱাৰ উৰাবাতৰি প্ৰকাশ পাইছিল।
ইয়াৰ মাজতে ৰঙা পোছাক পিন্ধি কইনা সাজত ঘূৰি ফুৰা উৰ্ফি জাভেদৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। য'ত উৰ্ফিক কইনাৰ দৰে সাজ পিন্ধা দেখা গৈছে।
এই ফটো আৰু ভিডিঅ’বোৰত বহুতে মন্তব্য প্ৰদান কৰিছে – সঁচাকৈয়ে বিয়াত বহিছে নেকি উৰ্ফি?
অৱশ্যে যাৰ বাবে উৰ্ফি জাভেদে কইনা সাজ পিন্ধিছে তেওঁলোক হৈছে ফেশ্বন ডিজাইনাৰ ৰিম্পল আৰু হৰপ্ৰীত নাৰুলা। বিয়াৰ পোছাকৰ উপৰিও আন বহু ড্ৰেছত ফটোশ্বুট কৰাইছে উৰ্ফিয়ে।
চাবলৈ ক্লিক কৰক