এনেদৰে ব্যৱহাৰ কৰক চাউলৰ পানী

২২ অক্টোবৰ, ২০২৪

TV9 ASSAM

বহু মানুহে কুকাৰত ভাত ৰান্ধে। কিন্তু কিছুমানে চৰু বা অন্য সামগ্ৰীত ভাত বনায়। ভাত ৰন্ধাৰ সময়ত উতলি থকাৰ সময়ত যি চাউলৰ পানী ওলাই সেয়া বহুতে পেলাই দিয়ে।

চাউলৰ পানী

চাউলৰ এই পানী আপুনি ব্যৱহাৰ কৰিব পাৰে। উতলি থকা চাউলৰ পানীখিনি উলিয়াই এটা বাচনত ভৰাই এসপ্তাহমান  ফ্ৰীজত ৰাখক।

ব্যৱহাৰ

চাউলৰ পানী ১০ মিনিটৰ বাবে চুলিত লগাব পাৰে। চুলিৰ গুৰিৰ পৰা এই পানী লগাই ১০ মিনিট পাছত ধুই দিব লাগে।

চুলি

চাউলৰ পানীৰে আপুনি মুখ ধুব পাৰে বা টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। চাউলৰ পানী মুখত লগোৱাৰ ১০ মিনিট পাছত মুখ ধুই দিব লাগে।

ছাল

চাউলৰ পানীৰে আপুনি গ্লাছৰ সামগ্ৰী চাফা কৰিব পাৰে। এনেকৈ ব্যৱহাৰ  কৰিলে সোনকালে চাফা হৈ উঠে।

গ্লাছ

 চাউলৰ পানী আপুনি গছতো দিব পাৰে। ঘৰত ৰখা বিভিন্ন উদ্ভিদত চাউলৰ পানী দিলে সেই উদ্ভিদ বা গছ মৰি নাযায়।

গছ

চাউলৰ পানী মুখত বা চুলিত ব্যৱহাৰ কৰাৰ আগত চাউলখিনি ভালদৰে চাফা কৰি ল'ব আৰু ৫-৭ দিনতকৈ বেছি দিন সেই পানী ব্যৱহাৰ নকৰিব।

এক গুৰুত্বপূৰ্ণ কথা

পঢ়িবলৈ ক্লিক কৰক 

কৰ্কট ৰোগৰ আৰম্ভণি