TV9 ASSAM
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিপক্ষে মাত্ৰ ১৪ বছৰ বয়সতে অভিষেক ঘটাই IPL ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰিছিল বৈভৱ সূৰ্যবংশীয়ে।
নিজ IPL কেৰিয়াৰৰ প্ৰথমটো বলতে শ্বাৰ্দুল ঠাকুৰৰ বলত এটা ছয় কোবাই ৰাজকীয় আগমণৰ ইংগিত দিয়া বৈভৱে অভিষেক মেচত খেলিছিল ৩৪ ৰানৰ ইনিংছ।
গুজৰাট টাইটানছৰ বিপক্ষে কালি বৈভৱে মাত্ৰ ৩৮টা বলত ১০১ ৰানৰ এক মাৰমুখী ইনিংছ খেলি সকলোকে স্তম্ভিত কৰি তোলে।
এই শতকেৰে বৈভৱে টি-২০কে ধৰি যিকোনো ফৰ্মেটতে শতক অৰ্জন কৰা ক্ৰিকেট বিশ্বৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে অভিলেখ ৰচে।
ইয়াৰ লগতে তেওঁ IPLত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয়, এটা ইনিংছত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয়ৰো অভিলেখ সৃষ্টি কৰে।
মাত্ৰ ১৪ বছৰ ৩২ দিন বয়সত অৰ্ধশতক সম্পূৰ্ণ কৰি বৈভৱে ৰিয়ান পৰাগৰ নামত থকা IPLত সৰ্বকনিষ্ঠ অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈ অভিলেখো ভংগ কৰে।
ইতিপূৰ্বে ৰিয়ান পৰাগে ২০১৯ৰ IPLত ১৭ বছৰ ১৭৫ দিন বয়সত দিল্লী কেপিটেলছৰ বিপক্ষে অৰ্ধশতক অৰ্জন কৰি অভিলেখ গঢ়িছিল।
পঢ়িবলৈ ক্লিক কৰক
বৈভৱ সূৰ্যবংশী কিমান টকা সম্পত্তিৰ মালিক?