বৈভৱ সূৰ্যবংশী কিমান টকা সম্পত্তিৰ মালিক? (Credit: PTI images)

29 April 2025

TV9 ASSAM

 বৰ্তমান চলি আছে আই পি এল ২০২৫। এইবাৰ আই পি এলত যুৱ খেলুৱৈসকলে দৰ্শকৰ দৃষ্টি বিশেষকৈ আকৰ্ষিত কৰিছে। শেহতীয়াকৈ কেইবাজনো কিশোৰ খেলুৱৈয়ে আই পি এলত চমক সৃষ্টি কৰিছে।

আই পি এল

আই পি এলত চমক সৃষ্টি কৰাসকলৰ ভিতৰত ১৪ বছৰীয়া কিশোৰ বৈভৱ সূৰ্যবংশী অন্যতম।  ৰাজস্থান ৰয়েলছৰ হৈ খেলা প্ৰথমখন মেচৰ পাছতে বৈভৱ বিশেষ চৰ্চাত আছে।

বৈভৱ সূৰ্যবংশী

ইয়াৰ মাজতে সোমবাৰে হৈ যোৱা খেলত বৈভৱে মাত্ৰ ৩৮ টা বলত ১০০ ৰান কৰিবলৈ সক্ষম হয়। ক্ৰিচ গেইলৰ পাছত আই পি এলত দ্ৰুত ৰান অৰ্জন কৰি দ্বিতীয় স্থান দখল বৈভৱৰ।

১০০

কালিৰ খেলৰ বৈভৱে কেইবাটাও অভিলেখ ভংগ কৰিলে। আই পি এলৰ লগতে সমগ্ৰ বিশ্বত টি-২০ত  ৩২দিনত শতক অৰ্জন ১৪ বছৰীয়া বৈভৱ সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ।

অভিলেখ ভংগ

পিছে প্ৰশ্ন হয় বৈভৱ কিমান টকাৰ মালিক? তথ্য অনুসৰি বৈভৱ প্ৰায় ২.৫ কোটি টকাৰ মালিক। এই টকা তেওঁ আই পি এল বা অন্য মেচৰ পৰা লাভ কৰে।

কিমান টকাৰ মালিক

২০২৫ চনৰ আই পি এলত বৈভৱে ৰাজস্থান ৰয়েলছৰ হৈ খেলিছে। তেওঁক ৰাজস্থান ৰয়েলছে ১.৫ কোটি টকাত ক্ৰয় কৰিছিল। এইবাৰৰ আই পি এলতে তেওঁৰ অভিষেক ঘটে।

RR

মুঠতে এতিয়া সৰ্বত্ৰে বৈভৱক লৈ তীব্ৰ চৰ্চা চলিছে। ৰাষ্ট্ৰীয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সকলোৱে বৈভৱক প্ৰশংসা কৰিছে। বৈভৱৰ সফলতাত গৌৰৱান্বিত সকলো।

চৰ্চা

পঢ়িবলৈ ক্লিক কৰক 

ছালৰ যত্ন