TV9 ASSAM
প্ৰতিবছৰে ১৪ ফেব্ৰুৱাৰীৰ দিনটো ভেলেন্টাইন ডে হিচাপে পালন কৰা হয়। এই দিনটো প্ৰেমৰ দিন। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰেমৰ সপ্তাহৰ এই দিনটোতে সামৰণি পৰে।
এই দিনটোত আপুনি সংগীৰ আগ্ৰহৰ প্ৰতি লক্ষ্য কৰি কোনো উপহাৰ দিয়ক। বা তেওঁ ভালপোৱা কোনো শ্বায়েৰী, নোট,কিতাপ আদি উপহাৰ দিব পাৰে। নিজে তৈয়াৰ কৰা বস্তু দিলে বেছি সুখী হ'ব সংগী।
সংগীয়ে ভালপোৱা ঠাইলৈ লৈ যাওক। দিনটো বিশেষ কৰিবলৈ তেওঁ ভালপোৱা কামবোৰ কৰক। ধুনীয়া, ৰোমান্টিক বস্তু উপহাৰ দিয়ক। তেওঁ ভালপোৱা খাদ্য গ্ৰহণ কৰক। ইয়াৰোপৰি ৰঙা গোলাপ উপহাৰ দিব পাৰে।
আপুনি নিজে কোৱাৰ লগতে সংগীৰ মনৰ ভাৱো শুনিবলৈ চেষ্টা কৰিব। তেওঁ যদি কিবা কব বিচাৰে তেন্তে মন দি শুনিব।
দামী উপহাৰে সকলোকে সুখ নিদিয়ে। সেয়ে মনৰ কথা কোৱাৰ চেষ্টা কৰিব। এই দিনটোত আপুনি সংগীয়ে বেয়া পোৱা কাম কৰাৰ পৰা বিৰত থাকক। বা সংগীক খং নকৰিব।
এই দিনটোত আপুনি অশান্তিকৰ ঠাইলৈ সংগীক লৈ নাযাব। তেওঁ বেয়া পোৱা কাপোৰ, হেয়াৰষ্টাইল আদি কৰাৰ পৰা বিৰত থাকক। তেওঁ বেয়া পোৱা বস্তু উপহাৰ নিদিব।
এই দিনটো প্ৰেমৰ দিন। সেয়ে মনেৰে সংগীৰ সৈতে এই দিনটো উদযাপন কৰক। দামী উপহাৰে কেতিয়াও মানুহক সুখ দিব নোৱাৰে, আপোনাৰ মৰমখিনিয়ে যথেষ্ঠ।
পঢ়িবলৈ ক্লিক কৰক