১৭ জুন ২০২৪
TV9 Assam
প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে উত্তৰাখণ্ড বিখ্যাত
বছৰৰ প্ৰায় প্ৰতিটো মাহতে উত্তৰাখণ্ডত ভিৰ কৰে পৰ্যটকে। পাহাৰ-পৰ্বত, জলপ্ৰপাতৰ সৌন্দৰ্যই মন মুহি পেলাই পৰ্যটকৰ।
উত্তৰাখণ্ডৰ চামোলিত এই ফুলৰ উপত্যকা আছে। যাক ভেলী অফ ফ্লাৱাৰ্চ (valley-of-flowers) বুলি কোৱা হয়।
এই ফুলৰ উপত্যকাটো বছৰটোত কেৱল ৩-৪ মাহৰ বাবেহে খোলা থাকে।
উত্তৰাখণ্ডৰ এই ফুলৰ উপত্যকা ৮৭.৫ বৰ্গ কিলোমিটাৰত আগুৰি আছে।
কমেও ৫০০ৰো অধিক প্ৰজাতিৰ ফুল দেখা পাব। য’ত বহুতো বিদেশী ফুলো অন্তৰ্ভুক্ত আছে।
১ জুনৰ পৰা ৩১ অক্টোবৰলৈকে পৰ্যটকৰ বাবে মুকলি থাকিব এই ফুলৰ উপত্যকা।
চাবলৈ ক্লিক কৰক